
মণিপুৰত (Manipur) অশান্তিকৰ পৰিস্থিতিৰ মাজতে উদ্ধাৰ হৈছে ২৮.৫ কেজি বিস্ফোৰক। মণিপুৰৰ পূব ইম্ফল জিলাত আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত উদ্ধাৰ হয় এই বিস্ফোৰক সামগ্ৰী। মুঠ ৭টা আই ই ডিৰ ৰূপত এই বিস্ফোৰকখিনি উদ্ধাৰ হয়। বাংজাং আৰু ইথাম গাঁৱৰ সমীপত প্ৰশিক্ষিত সেনা জোৱানে ধৰা পেলায় বিস্ফোৰকখিনি।

পিছত সেনাৰ হৈ এক বিবৃতিত ইতিমধ্যে সেনাৰ অভিযন্তাসকলে বিস্ফোৰকসমূহ নিষ্ক্ৰিয় কৰা বুলি অৱগত কৰে। ভাৰতীয় সেনাই এই বিস্ফোৰকসমূহ উদ্ধাৰ আৰু নিষ্ক্ৰিয়কৰণক এক বৃহৎ সফলতা বুলি বিবেচনা কৰিছে। সেনা সূত্ৰই কয় যে এই সফলতাৰ ফলত বহু লোকৰ মৃত্যু ৰোধ কৰাটো সম্ভৱ হৈছে।
বিগত তিনিমাহত বিস্ফোৰক উদ্ধাৰৰ ক্ষেত্ৰত নিৰাপত্তাৰক্ষীৰ এয়া দ্বিতীয় বৃহত্তম সফলতা। ইয়াৰ পূৰ্বে ২০ জুলাইত সেনাই ৩৩ কেজি আই ই ডি বিস্ফোৰক উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে। সেয়াও পূব ইম্ফল জিলাত উদ্ধাৰ হৈছিল।













