
ভাৰত আৰু ম্যানমাৰৰ সমগ্ৰ সীমান্ত (Entire border between India and Myanmar) কাঁইটীয়া তাঁৰেৰে বেৰি পেলোৱা হ’ব। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ভাৰত-ম্যানমাৰ সীমান্ত প্ৰায় ১,৬৪৩ কিলোমিটাৰ (About 1,643 km) বিস্তৃত। সীমান্তত ৩১ হাজাৰ কোটি ব্যয়সাপেক্ষে কাঁইটীয়া তাঁৰ স্থাপন (Installation of barbed wires) কৰা হ’ব। সংবাদ সংস্থা পিটিআয়ে এক সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে। মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ম্যানমাৰ সীমান্তৰ ৩০ কিলোমিটাৰ এলেকা ইতিমধ্যে কাঁইটীয়া তাঁৰেৰে বেৰা হৈছে।
উল্লেখ্য যে ম্যানমাৰৰ সীমান্ত অঞ্চলসমূহত সঘনাই ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে। এইটো মণিপুৰত অশান্তিৰ অন্যতম কাৰণ বুলিও আমিত শ্বাহে উল্লেখ কৰি এই সীমান্ত পৰিস্থিতিৰ ব্যাখ্যা আগবঢ়ায়। সূত্ৰই পিটিআইক জনোৱা মতে, ভাৰত আৰু ম্যানমাৰৰ ১,৬৪৩ কিলোমিটাৰ সীমান্তত কাঁইটীয়া তাঁৰ স্থাপন আৰু পথ নিৰ্মাণৰ বাবে কেবিনেট কমিটীয়ে অনুমোদন জনাইছে। ইয়াৰ বাবে ব্যয় হ’ব প্ৰায় ৩১ হাজাৰ কোটি টকা।

মণিপুৰৰ উপৰি ম্যানমাৰৰ সীমা মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সৈতে আছে। পিটিআইৰ তথ্য অনুসৰি, মণিপুৰৰ ম’ৰেৰ সমীপৰ সীমান্তত প্ৰায় ১০ কিলোমিটাৰ কাঁইটীয়া তাঁৰ স্থাপনৰ কাম ইতিমধ্যে কৰা হৈছে। মণিপুৰ আৰু অন্যান্য ৰাজ্যতো ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাঁইটীয়া তাঁৰ স্থাপনৰ কাম চলি আছে।
মণিপুৰৰ অশান্তিকৰ পৰিৱেশত ম্যানমাৰৰ সমগ্ৰ সীমান্তত কাঁইটীয়া তাঁৰ লগোৱাৰ সিদ্ধান্ত যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখ্য যে পূৰ্বতে ভাৰত আৰু ম্যানমাৰৰ সীমান্তৰ এটা নিৰ্দিষ্ট অঞ্চললৈকে মুক্ত চলাচলৰ সুযোগ আছিল। কেন্দ্ৰীয় চৰকাৰৰ Look at East নীতিৰ অংশ হিচাপে ২০১৮ চনত ইয়াক আৰম্ভ কৰা হৈছিল। চুক্তি অনুসৰি, ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত বসবাস কৰা লোকসকলে কোনো নথি-পত্ৰ অবিহনে সীমান্তৰ দুয়োকাষে ১৬ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। কিন্তু উক্ত চুক্তিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে।













