
গভীৰ নিম্নচাপৰ প্ৰভাৱৰ বাবে সমগ্ৰ দেশ এতিয়াও ক্ষতিগ্ৰস্ত হৈ আছে। ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহতো এই বতৰৰ পৰা কোনো নিস্তাৰ পোৱা নাই। পশ্চিমবংগ আৰু চুবুৰীয়া ৰাজ্যসমূহত গভীৰ নিম্নচাপৰ বাবে বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ (Rain) হৈ আহিছে। আনহাতে, ভূমিস্খলনৰ লগতে বহু অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

আনহাতে, মঙলবাৰৰ পৰা আগন্তুক দুদিনলৈ উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ছত্তীশগড়, মধ্যপ্ৰদেশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলিও বতৰ বিভাগে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি পশ্চিমবংগ, ওড়িশা, ঝাৰখণ্ড, বিহাৰ, ছত্তীশগড় আৰু উপ-হিমালয়ান অঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
এই সপ্তাহটোত অসম, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডতো ধাৰাসাৰ বৰষুণ হ’ব।













