
ত্রিপুৰাত একেৰাহে দুদিন দুটাকৈ পৃথক গণধর্ষণৰ (Tripura Rape) ঘটনাৰ খবৰ পোহৰলৈ আহিছে। স্কুলৰ পৰা ওভতাৰ পথত পঞ্চম শ্রেণীৰ এগৰাকী ছাত্রীক অপহৰণ কৰি নি ধর্ষণ কৰাৰ অভিযোগ। শনিবাৰে সন্ধ্যা তেওঁক ঘৰৰ সন্মুখত পেলাই থৈ যোৱা হয়।

ঘটনাৰ তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে। কিন্তু এই পর্যন্ত কাকো গ্রেপ্তাৰ কৰিব পৰা নাই। ইয়াৰ পূৰ্বে শুকুৰবাৰেও এগৰাকী নাবালিকাক গণধর্ষণৰ অভিযোগ উঠিছিল উত্তৰ ত্ৰিপুৰাত। এইবাৰ ঘটনা দক্ষিণ ত্রিপুৰা।
দক্ষিণ ত্রিপুৰাৰ বেলোনিয়া মহিলা থানা এলেকাত শনিবাৰে এগৰাকী ছাত্রী সন্ধানহীন হোৱাৰ অভিযোগ দাখিল কৰা হৈছিল। ছাত্রীগৰাকীৰ পিতৃয়ে থানাত জানাইছিল যে স্কুলৰ পৰা ঘৰলৈ উভতি যোৱা নাই তেওঁৰ সন্তান।
তেওঁলোকে কন্যাক অপহৰণ কৰাৰ সন্দেহ কৰে। অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছত শনিবাৰে সন্ধ্যা ছাত্রীগৰাকীক ঘৰৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয়। অভিযোগ অনুসৰি, স্কুলৰ পৰা ঘৰলৈ গৈ থকাৰ সময়ত কেইজনমান দুষ্কৃতিকাৰীয়ে তেওঁক উঠাই লৈ যায়।
তাৰ পিছত একাধিক স্থানলৈ নি তেওঁক ধর্ষণ কৰা হয়। এই ঘটনাত একাধিক ব্যক্তি জড়িত আছিল। ঘটনাৰ দিনা নাশাতেই আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। অৱশ্যে এই পর্যন্ত কাকো গ্রেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ সূত্র অনুসৰি, মূল অভিযুক্ত ২২ বছৰীয়া এজন যুৱক।
তেওঁ একেটা অঞ্চলৰেই বাসিন্দা। তেৱেঁই শনিবাৰে সন্ধ্যা ছাত্রীগৰাকীক ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। পকছো আইনতো গোচৰ ৰুজু কৰা হৈছে।













