
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Kiren Rijiju) অৰুণাচলত চীনৰ দখলৰ অভিযোগ খাৰিজ কৰৰি দাবী কৰে যে শেহতীয়াকৈ চীনে ভাৰতৰ ভূখণ্ডৰ পৰা ৬০ কিলোমিটাৰ ভিতৰত সামৰিক শিবিৰ সাজিছে বুলি যি খবৰ প্ৰকাশ পাইছে, সেইটো সত্য নহয়।

সোমবাৰে ৰিজিজুৱে কয়, “যদি তেওঁলোকে ভাৰতীয় ভূমিত প্ৰৱেশ কৰি নিজৰ ভূখণ্ড বুলি লিখি দিয়ে, তেতিয়াও সেয়া সঁচা হ’ব নোৱাৰে।”
অৰুণাচলৰ বিজেপিৰ সাংসদ ৰিজিজুৱে সংবাদ সংস্থা পিটিআইক কয়, “চীনে আমাৰ মাটি দখল কৰিব নোৱাৰে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) অনিৰ্দিষ্ট অঞ্চলত ‘অভাৰলেপিং’ (দুয়োপক্ষই ভ্ৰমণ) টহল। তেওঁলোকক কোনো স্থায়ী নিৰ্মাণ কৰিবলৈ দিয়া নহয়। আমাৰ ফালৰ পৰা কঠোৰ নিৰীক্ষণ আছে। কেৱল নিৰ্দিষ্ট নোহোৱা ঠাইত এখন ফলক অংকন কৰিলেই সেই ভূখণ্ড দখল কৰা নহয়।”
উল্লেখযোগ্য যে অলপতে এখন প্ৰতিবেদন প্ৰকাশ পাইছিল যে অৰুণাচলৰ অঞ্জো জিলাৰ কাপাপু অঞ্চলত চীনৰ শিবিৰ উদ্ধাৰ হৈছে।
স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত প্রকাশিত প্রতিবেদনত কিছু সপ্তাহ পূর্বে চীনৰ পিপ’লছ লিবাৰেচন আৰ্মীয়ে অঞ্চলটোত অনুপ্রৱেশ কৰা বুলি দাবী কৰিছে৷ উল্লেখ্য, দুবছৰ পূৰ্বে অঞ্জো জিলাৰ চাগলাগাম অঞ্চলৰ পৰা দুজন ভাতৃ নিৰুদ্দেশ হৈছিল। পিছত গম পোৱা যায় যে চীনা সেনাই বলপূৰ্বকভাৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি তেওঁলোকক উঠাই লৈ যায়।













