
ড্ৰোন আক্ৰমণৰ পিছত মিছাইল আক্ৰমণ। বিগত এসপ্তাহত মণিপুৰত (Manipur) সংঘটিত এই যুটীয়া সন্ত্ৰাসবাদী আক্ৰমণে নিৰাপত্তাৰক্ষীৰ টোপনি হৰিছে। এনে পৰিস্থিতিত শনিবাৰৰ পৰা মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে সম্ভাৱ্য উগ্ৰপন্থীৰ সন্ধানত যুটীয়া অনুসন্ধান আৰম্ভ কৰি উগ্ৰপন্থীৰ তিনিটা বাংকাৰ ধ্বংস কৰিছে। ইফালে উগ্ৰপন্থী বিৰোধী অভিযানৰ সময়ত জিৰিবাম জিলাত দুটা গোটৰ মাজত সংঘটিত গুলীয়াগুলীত নিহত হয় কমেও ৫ জন লোক ।

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে, উগ্ৰপন্থীয়ে জিলাখনৰ সদৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰৈত অকলশৰীয়াকৈ বাস কৰা এজন লোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁক শুই থকা অৱস্থাতে গুলীয়াই হত্যা কৰে। ইয়াৰ পিচত জিলা সদৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰৈত সংঘটিত আন এক ঘটনাত সশস্ত্ৰ লোকৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ হয়। এই ঘটনাত ৩ টা উগ্ৰপন্থীসহ ৪ জন সশস্ত্ৰ লোকৰ মৃত্যু হয়।
উল্লেখ্য যে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ অঞ্চলৰ বিভিন্ন অঞ্চলত শনিবাৰে পুৱাৰে পৰা তালাচী অভিযান আৰম্ভ কৰাক লৈ বিতৰ্ক চলিছে। কুকি সংগঠনসমূহে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষী আৰু মেইটেই উগ্ৰপন্থীয়ে সংগঠিত অভিযান আৰম্ভ কৰি অঞ্চলটো দখল কৰিছে।
অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি মণিপুৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে বিষ্ণুপুৰ জিলাৰ মুৱালছাং গাঁৱত দুটা বাংকাৰ আৰু চুৰাচান্দপুৰৰ লাইকা মুলছাউ গাঁৱত এটা বাংকাৰ ধ্বংস কৰা হৈছে। আৰক্ষীয়ে দাবী কৰে যে সেইবোৰ কুকি উগ্ৰপন্থীৰ শিবিৰ।













