
বিধানসভা নিৰ্বাচন (Assembly elections)লৈ প্ৰস্তুতি চলাই থকাৰ মাজতে পুনৰ উত্তপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰ (Jammu and Kashmir)। সোমবাৰে পুৱাৰে পৰা ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক দমনৰ বাবে অভিযান আৰম্ভ কৰে। জম্মু চহৰৰ সেনা শিবিৰৰ সমীপত সন্ত্ৰাসবাদী (Terrorist)ৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান (Security forces conduct search operation) আৰম্ভ কৰে। তাৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত হয় এজন জোৱান।
জানিব পৰা মতে, সেনা শিবিৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সন্ত্ৰাসবাদীক দমন কৰিবলৈ সেনাৰ বিশেষ গোট তালাচী অভিযানত নামি পৰিছে। ঘন অৰণ্যত অনুসন্ধান অভিযান অব্যাহত আছে। উল্লেখ্য যে বিগত সপ্তাহতো ভাৰতীয় সেনাৰ তিনিটা পৃথক দলে উপত্যকাটোৰ তিনিটা স্থানত অভিযান চলাইছিল। তাত সেনাৰ গুলীত নিহত হয় তিনি সন্ত্ৰাসবাদী।

এমাহ পূৰ্বে কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত কেইবাজনো সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ খবৰ ওলাইছিল। পাক অধিকৃত কাশ্মীৰত এই অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকৰ হাতত আছে আৰ পি জি, মেচিনগান, নাইট ভিজন আৰু উন্নত চেটেলাইট ফোনকে ধৰি আধুনিক অস্ত্ৰ।
উল্লেখ্য যে উপত্যকাটোত ১৮ ছেপ্টেম্বৰৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব। আনহাতে, নিৰ্বাচনৰ পূৰ্বে উপত্যকাটোত অশান্তি বিয়পোৱাৰ প্ৰচেষ্টা বন্ধ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ প্ৰশাসন। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সেনা মোতায়েন কৰা হৈছে। সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে অব্যাহত আছে কঠোৰ চোৰাংচোৱাগিৰি।










