
বাংলাদেশ আৱামী লীগৰ (Bangladesh Awami League) ছাত্ৰ সংগঠন ছাত্ৰ লীগৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক (Former General Secretary) ইছহাক আলী খান পান্না (Ishaq Ali Khan Panna)ৰ মৃতদেহ মেঘালয় সীমান্তত উদ্ধাৰ (Body found on Meghalaya border) হৈছে। যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল পিৰোজপুৰ জিলা আৱামী লীগৰ মুৰব্বী ইছহাক।
বাংলাদেশৰ ‘প্ৰথম আলো’ কাকতত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘনিষ্ঠ এই নেতাগৰাকীয়ে শেহতীয়া অশান্তিৰ বাবে গোপনে আশ্ৰয় বিচাৰি ভাৰতলৈ আহিছিল। সেই সময়তে তেওঁৰ মৃত্যু হয়। বাংলাদেশৰ সংবাদ মাধ্যমে দাবী কৰিছে যে মেঘালয়-বাংলাদেশ সীমান্তত ডাউকী পাহাৰ বগাই গৈ থকা অৱস্থাত হঠাৎ হাৰ্ট এটেকত তেওঁৰ মৃত্যু হয়। অৱশ্যে এটা সূত্ৰৰ মতে ইছহাকক হত্যা কৰা হ’ব পাৰে।

পিৰোজপুৰৰ কৌখালিত ইছহাকৰ ঘৰ। তেওঁৰ আত্মীয় জাছিমুদ্দিন খানে প্ৰথম আলোক কয়, “ঘটনাৰ পিছৰে পৰা আমি ইছহাকৰ কেইজনমান সংগীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছোঁ। তেওঁলোকে আমাক জনাইছিল যে যোৱা সোমবাৰে মেঘালয়ৰ উমকিয়ং আৰক্ষী থানাই মৃতদেহটো উদ্ধাৰ কৰি মৰ্গলৈ প্ৰেৰণ কৰিছিল। মৃতদেহটো এতিয়া মৰ্গত আৰক্ষীৰ জিম্মাত আছে। আমি ভাৰতৰ পৰা মৃতদেহটো শীঘ্ৰে আনিবলৈ চেষ্টা কৰিছোঁ।” আনহাতে, বুধবাৰে নিশা ইছহাকৰ ককায়েক জাফৰ আলী খানে কয় যে তেওঁলোকে তেওঁৰ ভাতৃৰ মৃতদেহ ঘূৰাই পাবলৈ শিলচৰত থকা বাংলাদেশৰ উপ-উচ্চায়ুক্তত আবেদন জনাইছে।
আনহাতে, পৰিয়ালৰ সূত্ৰ মতে ৫ আগষ্টত হাছিনা চৰকাৰৰ পতনৰ পিছত ইছহাকে ৰাজধানী ঢাকাত আত্মগোপন কৰি আছিল। ইয়াৰ পিছত তেওঁ ভাৰতলৈ পলায়ন কৰিবলৈ চিলেটলৈ যায়। শনিবাৰে পুৱা প্ৰায় ৪ বজাত কিছু সংগীৰ সৈতে চিলেটৰ গোৱাইংহাট উপজিলাৰ তামাবিল অঞ্চলৰ মাজেৰে মেঘালয়ৰ ডাউকী অঞ্চললৈ যায়। পুৱাতে অঞ্চলটোৰ এখন পাহাৰত উঠে। পাহাৰ পাৰ হৈ গন্তব্যস্থানলৈ যোৱাৰ কথা আছিল। সেই সময়তে তেওঁ শ্বাসকষ্ট আৰু হৃদৰোগত আক্ৰান্ত হয়।













