
ভুৱা জাতিগত প্ৰমাণ-পত্ৰৰ অভিযোগত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকৰ (Mahbubul Haque) বিৰুদ্ধে গোচৰ ৰুজু। কৰিমগঞ্জ প্ৰশাসনৰ হৈ এগৰাকী অতিৰিক্ত আয়ুক্তই কৰিমগঞ্জ সদৰ থানাত গোচৰ ৰুজু কৰে।

ভাৰতীয় ন্যায় সংহিতাৰ ৩১৮/৪, ৩৩৬/৩ আৰু ৩৪০/২ ধাৰাৰ অধীনত কৰিমগঞ্জ থানাত ৫২৩/২০২৪ নম্বৰত গোচৰটো ৰুজু কৰা হৈছে। গোচৰটোৰ তদন্তৰ দায়িত্ব কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্রতাপ দাসক অৰ্পণ কৰা হৈছে।
উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ আছিমগঞ্জৰ স্থায়ী বাসিন্দা মহবুবুল হকে ১৯৯২ চনত মাইমাল সম্প্ৰদায়ৰ নামত অ’ বি চিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিছিল। এই বিষয়ত বুধবাৰে সৰৱ হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এক সংবাদমেলত লগতে তেওঁ এই বিষয়ত গোচৰ ৰুজু কৰা হ’ব বুলিও উল্লেখ কৰে। তাৰ পৰৱৰ্তী সময়ত মহবুবুল হকৰ বিৰুদ্ধে কৰিমগঞ্জত গোচৰ তৰা হয়।













