ASSAM TIMES POST
জয়ছিং টক‘বি
ডিফু : গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয় আদি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান সমূহে অসমৰ আদিমতম অধিবাসী কাৰবি সকলৰ সমৃদ্ধিশালী পৰম্পৰাগত লোক কৃষ্টি সংস্কৃতি, মৌখিক সাহিত্যৰ অজস্ৰ ভাণ্ডাৰ বিষয়ে অধ্যয়নৰ প্রতি অনীহাৰ মনোভাৱ প্রদর্শন কৰি আহিলেও সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা গৱেষক পণ্ডিত সকল কাৰবি পাহাৰলৈ পুনৰ ঢপলিয়াই আহিছে।
এসমৰ এচাম তথাকথিত শিক্ষাবিদ, বুৰঞ্জীবিদ, গৱেষক সকলৰ বাবে অৱহেলা ইতিকিঙৰ বিষয়হে হৈ পৰা এই কাৰবি সকলৰ ”অনুন্নত” ! ভাষা, মৌখিক সাহিত্য, কাৰবি সকলৰ বিষয়ে সেই তাহানিতেও সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰীসকলেই হাবি জংঘলে, পাহাৰে কণ্ডৰে বসবাস কৰা কাৰবি সকলৰ মাজলৈ গৈ প্রণালীৱদ্ধভাৱে অধ্যয়ন কৰি গৱেষণালব্ধ বহুমূল্যবান গ্ৰন্থৰাজি বিশ্ববাসীক উপহাৰ দি থৈ গৈছিল। ইয়াৰ উদাহৰণ দ্য মিকির্ছ, (১৯০৮) মিকিৰ ইংলিছ ডিক্সনাৰী, (১৯২৫ চন) এ ভেকেৱালাৰী ইন ইংলিছ এণ্ড মিকির্ছ, (১৮৭৮ চন) মিকিৰ প্রাইমাৰী এৰিথমেটিক- আর্লেং কালাখা আকিতাপ, (১৯০৩ চন) আদি অনেক মূল্যবান উৎকৃষ্ট গ্ৰন্থসমূহ।

কাৰবি সকলৰ সমৃদ্ধিশালী পৰম্পৰাগত লোক কৃষ্টি সংস্কৃতিৰ পথাৰত সিঁচৰতি হৈ থকা আজিও অনাৱিস্কৃত হৈ থকা লোক কৃষ্টিৰ ঐশ্বৰ্য ভাণ্ডাৰ সমূহ প্ৰণালীবদ্ধ ভাৱে উদ্ধাৰৰ লক্ষ্যৰে সুদূৰ ইষ্টনিয়াৰ টার্টু বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়াৰলেণ্ড, ইষ্টনিয়া, ইটালী, ইজৰাইল, ছুইডেন, ফিনলেণ্ড, ডেণ্ডমার্ক, গ্রীচ, ৰাছিয়াকে ধৰি ইউৰোপৰ নখন দেশৰ পৰা ১৪ গৰাকী গবেষক পণ্ডিত সকলৰ ওপৰিও ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা প্রায় ৫৫ গৰাকী গবেষক পণ্ডিত সকল ডিফুত উপস্থিত হৈছে।

কাৰবি লোক কৃষ্টিৰ গবেষণাত ইতিমধ্যে নিমজ্জিত “চেন্টাৰ ফৰ কাৰবি ষ্টাডিজ”ৰ ব্যৱস্থাপনাত পোন প্ৰথমবাৰৰ বাবে আয়োজিত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰু আলোচনাসত্র কালি ডিফু আর্বৰেতাম এণ্ড ক্রাফ্ট চেন্টাৰত শুভ উদ্বোধন হৈ যায়। চেন্টাৰ ফৰ কাৰবি ষ্টাডিজৰ উপ সঞ্চালক মেগী কাথাৰপীয়ে আতধৰা “লিমিনাল অন্তলজিছ” শীর্ষক লোক সংস্কৃতিৰ আন্তৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্রৰ উদ্বোধনী অনুষ্ঠান কাৰবি সকলৰ পৰম্পৰাগত “তিৰিম কাংদুক” অনুষ্ঠানত পুৰোহিত জেনছিং ৰংহাঙে “হৰবং আর্ণাম কিপু” মন্রোচাৰ ধ্বনিৰে আধ্যাত্মিক আৰু গাম্ভীৰ্যপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰে। পূর্ব পুৰুষক স্মৰণ কৰি শ্রদ্বাঞ্জলী আগবঢ়োৱা “তিৰিম কাংদুক ” অনুষ্ঠানত তেওঁক সহযোগ আগবঢ়ায় পুৰোহিত ধনীছন লেকথেই।

ইয়াৰ পাছত চেন্টাৰ ফৰ কাৰবি ষ্টাডিজৰ সাধাৰণ সম্পাদক ড৹ ৰবীন্দ্র টেৰণে অতিথি সকলক আদৰণি জনাই কাৰবি আংলঙত বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী সকলৰ লোক সংস্কৃতিৰে ভৰা সমল সমূহৰ ওপৰত বিস্তৃত ভাৱে অধ্যয়ন কৰিবলৈ মুকলি আহ্বান জনায়। কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্রত সাংসদ হৰেণছিং বে আৰু মুখ্য কাৰ্যবাহী সদস্যৰ উপদেষ্টা এলৱিন টেৰণ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, বিশিষ্ট বুদ্ধিজীৱি এলৱিন টেৰণ আৰু চেন্টাৰ ফৰ কাৰবি ষ্টাডিজৰ মুখ্য সঞ্চালক, তথা বিশিষ্ট গৱেষক সাহিত্যিক ধৰমছিং টেৰণে সার্গর্ভ ভাষণ প্ৰদান কৰে ৷













