
অৰুণাচলত (Arunachal Pradesh) ভাৰতীয় সেনাৰ ট্ৰাক খাৱৈত বাগৰি নিহত হয় তিনি সোনা জোৱান। আনহাতে, আন চাৰিজন আহত হয়। মঙলবাৰে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাত সংঘটিত হয় এই ঘটনা।

নিহত জোৱানকেইজনৰ নাম হৈছে হাবিলদাৰ নাখাত সিং, নায়ক মুকেশ কুমাৰ আৰু গ্ৰেনেডিয়াৰ আশিস। আটাইকেইজন সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জোৱান।
ইটানগৰ আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, মঙলবাৰে অৰুণাচলৰ আপাৰ সোৱণশিৰি জিলাত এখন সেনাৰ ট্ৰাক খাৱৈত বাগৰি পৰে। ফলত থিতাতে মৃত্যু হয় তিনি জোৱানৰ। আনহাতে, গুৰুতৰভাৱে আহত আৰু চাৰিজন জোৱানক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে। ছ’চিয়েল মিডিয়াত তেওঁলোকৰ পোষ্টত লিখিছে, “লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীকে ধৰি সকলোৱে তিনিজন জোৱানৰ মৃত্যুত গভীৰভাৱে দুখিত। নিহত জোৱানসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহৰ কাষত আছে ভাৰতীয় সেনা।”













