
শেহতীয়াকৈ বাংলাদেশ (Bangladesh)ৰ অশান্ত পৰিস্থিতিৰ বাবে অবৈধ অনুপ্ৰৱেশৰ চেষ্টা (Illegal infiltration attempt) বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হোৱাৰ মাজতে ত্ৰিপুৰাত ধৰা পৰে (Caught in Tripura) আৰু পাঁচজন বাংলাদেশী (Five Bangladeshis)। দেওবাৰে ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক আটক কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আটক কৰা আটাইকেইজন বাংলাদেশৰ ৰাজশাহীৰ চপাই নবাবগঞ্জ জিলাৰ বাসিন্দা। তেওঁলোকে ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ কৰে। পশ্চিম আগৰতলা থানাৰ আৰক্ষী বিষয়া পৰিতোষ দাসে এই সন্দৰ্ভত কয়, “আগৰতলাৰ বাহিৰৰ লংকামুৰা চহৰত অবৈধভাৱে একাংশ বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰাৰ গোপন তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত আছিল। ইয়াৰ পিছত আমি অভিযান আৰম্ভ কৰোঁ। বিএছএফৰ সহায়ত অনুপ্ৰৱেশকাৰীক তৎক্ষণাত চিনাক্ত কৰি আটক কৰা হয়।” সোধা-পোছাৰ সময়ত তেওঁলোকে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। এতিয়াও তদন্ত অব্যাহত আছে। তেওঁলোকক আগৰতলা আদালতত হাজিৰ কৰোৱাৰ কথা।

উল্লেখ্য যে জুলাই মাহৰ পৰা বাংলাদেশ অস্থিৰ হৈ পৰিছে। অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছতো বহু লোকে ভাৰতলৈ আহিবলৈ চেষ্টা চলাই আছে বুলি দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ফলত বিভিন্ন সীমান্ত অঞ্চলত বাংলাদেশৰ পৰা প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা বহু লোক ধৰা পৰিছে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে কেৱল বিগত এটা মাহত ৰাজ্যখনত ৩৫ জন অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছে। তাৰে কিছুমানক সীমান্তৰক্ষী বাহিনী আৰু অসম আৰক্ষীৰ উদ্যোগত বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে। কেৱল অসমতে নহয়, শেহতীয়াকৈ ত্ৰিপুৰাতো বহু বাংলাদেশী ধৰা পৰিছে। সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা ২০ আগষ্টত পশ্চিম ত্ৰিপুৰাৰ পৰা ১৮ জন বাংলাদেশীক আটক কৰা হৈছিল। পাঁচজন ভাৰতীয় দালালো দলটোত আছিল।













