আৰ জি কৰ হাস্পতালত এগৰাকী যুৱতী চিকিৎসকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশজুৰি তোলপাৰ লগাই থকাৰ সময়তে চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে আন এক ধৰ্ষণৰ ঘটনা (Rape Case)। কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাৰ চৰকাৰী চিকিৎসালয়ত ৬৫ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, অভিযুক্ত ২৫ বছৰীয়া যুৱকজন চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ গৈছিল। এই ঘটনাটো বুধবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয়। গাঁৱৰ পৰা চিকিৎসালয়ত চিকিৎসাৰ বাবে আহিছিল মহিলাগৰাকী। পলম হোৱাৰ বাবে তেওঁ নিশাটো হাস্পতালতে কটোৱাৰ সিদ্ধান্ত লয়। জানিব পৰা মতে, শুই থকাৰ থকাৰ সময়তে অভিযুক্ত ইৰফানে তেওঁক ধৰ্ষণ কৰে।
ইফালে মহিলাগৰাকীয়ে সহায়ৰ বাবে চিঞৰা শুনি চিকিৎসালয়ৰ একাংশই মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ লৰালৰিকৈ ওলাই যায়। হাতো-লোতে ধৰা পৰা অপৰাধীক আৰক্ষীক গতাই দিয়ে । চিক্কাবল্লাপুৰৰ আৰক্ষী অধীক্ষক কুশল চৌকছে এই কথা নিশ্চিত কৰিছে। তেওঁ কয়, “মহিলাগৰাকী চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আহিছিল। চিকিৎসালয় চৌহদত থকা অৱস্থাত এজন লোকে তেওঁক ধৰ্ষণ কৰে।”
ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ভাৰতীয় দণ্ডবিধিৰ ৬৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভুক্তভোগী মহিলাগৰাকী। আৰক্ষীয়ে অভিযুক্তক জেৰা কৰি চিকিৎসালয় চৌহদৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে।