
গুৱাহাটী বিশ্ববিদ্যালয় (University of Gauhati)ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ (Acceptance of Vice-Chancellor) কৰিলে ডঃ ননীগোপাল মহন্ত (Dr. Nanigopal Mahanta)ই। বুধবাৰে পুৱা তেওঁ আনুষ্ঠানিকভাৱে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ ডঃ প্ৰতাপজ্যোতি সন্দিকৈৰ স্থলাভিষিক্ত হয়। উল্লেখ্য যে যোৱা ২৯ জুলাইতে ডঃ ননীগোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰিছিল। আনহাতে, ১৪ আগষ্টত তেওঁ কাৰ্যভাৰ গ্ৰহণৰ কথা আছিল। কিন্তু তদানীন্তন উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল সমাপ্ত নৌহওঁতেই তেওঁ শপত গ্ৰহণ তথা কাৰ্যভাৰ গ্ৰহণক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ডঃ ননীগোপাল মহন্তই ২১ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।

ডঃ ননীগোপাল মহন্ত পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল। ইয়াৰ উপৰি তেওঁ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও ফেব্ৰুৱাৰী মাহত তেওঁ এই পদ ত্যাগ কৰে। ডঃ ননীগোপাল মহন্ত হৈছে অসম আৰক্ষীৰ প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ভাতৃ তথা শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰৰ প্ৰয়াত লীলা মহন্ত আৰু নিৰুপমা মহন্তৰ পুত্ৰ। তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক অৰ্জন কৰে। আনহাতে, দিল্লীৰ জে এন ইউৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পিছত প্ৰথমতে কটন কলেজত শিক্ষকতা জীৱন আৰম্ভ কৰি পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে। আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু শান্তি অধ্যয়ন বিষয়ত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে।













