
পাহাৰৰ আঞ্চলিক দল APHLC য়ে আজি ডিফুত এক সমদল (APHLC’s rally at Diphu) কৰি জিলা আয়ুক্তৰ জড়িয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ (Memorandum to the President) দিয়াৰ কথা আছিল৷ কিন্তু প্ৰশাসনে দলটোক শোভাযাত্ৰা কৰাৰ অনুমতি নিদিলে (Procession not allowed)৷ বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে অনুমতি নিদিয়া বুলি প্ৰশাসনে দলটোক জনায়৷ কিন্তু দলটোৱে এই যুক্তিত পতিয়ন নগৈ ডিফুৰ বিৰলাৰ পৰা শোভাযাত্ৰা কৰি আয়ুক্ত কাৰ্যলয়লৈ অহাৰ সংকল্প লয়৷

সেয়ে আজি পুৱাৰে পৰা কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং আৰক্ষী সষ্টম হৈ পৰে৷ দলটোৰ নেতা জনচ্ ইংতি কাথাৰে (John Ingti Kathare) অভিযোগ কৰে যে দলটোৰ সমৰ্থকসকলক পশ্চিম কাৰবি আংলং, ডকমকা, বোকাজান, হাওৰাঘাট, বৰলাংফাৰ আদিৰ পৰা ডিফুলৈ অহাত প্ৰশাসনে বাধা (Administration prevents movement to Diphu) দিছে৷ তেওঁ বিজেপিয়ে বাধা দিলেও তেওঁলোকে শোভাযাত্ৰা কৰিবই বুলি শতাধিক সমৰ্থক সহ বৃহৎ আৰক্ষী বাহিনীৰ আবেষ্টনীৰ মাজত জিলা আয়ুক্তৰ কাৰ্যলয়লৈ আহে ৷

দলটোৱে জিলা আয়ুক্তৰ জড়িয়তে পাহাৰীয়া জিলা তিনিখনক লৈ এখন স্বায়ত্ত্বশাসিত ৰাজ্য গঠন কৰা গঠন কৰা , ভাৰতীয় সংবিধানৰ ১২৫ তম সংশোধনীৰ খচৰাত সংশোধন অনা আৰু PGR/VGR ত বসবাস কৰা অখিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে ৷উল্লেখ যে ৬ আগষ্টত উলিওৱা এটা প্ৰতিবাদী শোভাযাত্ৰাত গুলী চলাব লগা পৰিস্থিতি হোৱাৰ বাবে আজি APHLC দলৰ কৰ্মীতকৈ আছিল আৰক্ষীৰ সংখ্যা অধিক৷












