
কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত জঘন্য কাণ্ডৰ পিছত গুৱাহাটী মেডিকেল কলেজ (Guwahati Medical College) আৰু হাস্পতাল কৰ্তৃপক্ষই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জিএমচিএইচৰ মহিলা চিকিৎসকসকলৰ বাবে কৰ্তৃপক্ষই বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই ব্যৱস্থা অনুসৰি, এতিয়াৰে পৰা জিএমচিএইচত মহিলা চিকিৎসকৰ লগত থাকিব মহিলা নিৰাপত্তাৰক্ষী ৷

আনহাতে, নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈকে মহিলা চিকিৎসকক প্ৰদান কৰা হ’ব এখন বিশেষ বাহন ৷ ইফালে নিৰাপত্তাজনিত কাৰণত ৰঙা কাৰ্ড থকাসকলৰ বাহিৰে এতিয়াৰে পৰা হাস্পতাল কৰ্তৃপক্ষই সন্ধিয়া ৬ বজাৰ পিছত কোনো লোকক চিকিৎসালয়খনৰ চৌহদত প্ৰৱেশৰ অনুমতি নিদিয়ে৷
আনহাতে, গৃহৰক্ষী জোৱান, ব্যক্তিগত নিৰাপত্তাৰক্ষী, নিৰ্মাণকাৰ্যৰ লগত জড়িতসকলে নিজৰ পৰিচয়-পত্ৰ ডিঙিত পিন্ধিব লাগিব৷ লগতে ৱাৰ্ড ৰাউণ্ড ৰ’ষ্টাৰ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব। শীঘ্ৰে এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে জিএমচিএইচ কৰ্তৃপক্ষ৷













