
দেশৰ ৭৮ সংখ্য স্বাধীনতা দিৱস (78th Independence Day)ৰ দিনাই আলফা স্বাধীনৰ এটা বিবৃতি (Statement of ULFA (I))য়ে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। ৰাজ্যৰ ১৯ টা স্থানত ২৫ টাকৈ বোমা স্থাপন (25 bombs planted at 19 locations)ৰ বিষয়ে পৰেশ বৰুৱাই প্ৰকাশ কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় এক আতংকময় পৰিস্থিতি। লগতে থৰকাচুটি হেৰুৱায় আৰক্ষী প্ৰশাসনে। অৱশ্যে আলফা স্বাধীনে কাৰিকৰী বিজুতিবশত এই বোমাবোৰ বিস্ফোৰণ ঘটাব পৰা নগ’ল বুলি লগতে জনোৱাত কিছু সকাহ লাভ কৰে যদিও এতিয়াও তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈ আছে।
ইফালে আলফাই ঘোষণা কৰা স্থানবোৰ আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ জৰিয়তে বোমাৰ সন্ধানত অভিযান চলায় যদিও বোমা উদ্ধাৰত ব্যৰ্থ হয়। তাৰ মাজতে অৱশ্যে কোনো স্থানত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ হয় যদিও বেছিভাগ ক্ষেত্ৰতে আৰক্ষী বিফল হয়। ইফালে আলফাৰ বোমাতংকৰ মাজতে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Reaction CM Dr. Himanta Biswa Sarma)ই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত স্বাধীনতা দিৱস উপলক্ষে বোমা দি থোৱা বুলি আলফাই কৈছে। বুধবাৰে ৬ বজাৰ পৰা ১২ বজাৰ ভিতৰত বোমা ফুটিব বুলি কৈছিল।
কিন্তু আজি কয় যে কাৰিকৰী কাৰণত বোমা নুফুটিল। লগতে তেওঁ পৰেশ বৰুৱালৈ অনুৰোধ জনায় যে অসমলৈ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে আৰু অধিক বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। গতিক্ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (Paresh Baruah, commander-in-chief of ULFA (I))ক তেওঁ অনুৰোধ জনায় যে কোনো কাৰণতে যাতে অসমত বিনিয়োগৰ পৰিৱেশ নোহোৱা হোৱাৰ পৰিৱেশৰ সৃষ্টি নকৰে। আনহাতে, আলাপ-আলোচনাৰ মাজেৰে সকলো সমস্যাৰ সমাধান হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়।












