![]()
মঙলবাৰে পুৱা প্ৰায় ৫ মান বজাত হোজাই-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বকলীয়াঘাটৰ টকৌবাৰীত লোমহৰ্ষক হত্যাকাণ্ড (Murder) সংঘটিত হয়৷ টকৌবাৰীৰ পথৰ কাষত দুই মাছমৰীয়া লোকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনীত সৃষ্টি হৈছে চাঞ্চল্যৰ৷

টকৌবাৰী এলেকাৰ নিল বৰদলৈ আৰু বিভিষণ বৰদলৈক (লাংফু) যোৱা নিশা সীমান্তৱৰ্তী এলেকাৰ জলাশয়ত চেঁপাৰে কুচিয়া মাছ ধৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছে৷
আজি পুৱা ভতিজাকে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক জনায়৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ বাতৰি লিখা পৰলৈকে ঘটনাৰ কাৰণ বৰ্তমানে জানিব পৰা হোৱা নাই৷












