কালি নিশা ১ বজাত ডিফু থানাৰ অধীনৰ ডিফু -লামডিং পথৰ আৰ্তংলাংচত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ নিশা ১ মান বজাত এগৰাকী ২৩ বছৰীয়া যুৱতীক বাসগৃহত প্ৰৱেশ কৰি অজ্ঞাত আততায়ীয়ে মূৰত গুলীয়াই হত্যা কৰে ৷ নিহত শুকুৰী তিচ’পী নামৰ যুৱতী গৰাকীৰ পিতৃয়ে জানিবলৈ দিয়ামতে তেওঁৰ তিনি গৰাকী জীয়ৰীয়ে ইয়াত থাকি পঢ়া-শুনা কৰি আছিল ৷
![ডিফু- লামডিং পথত লোমহৰ্ষক হত্যাকাণ্ড! ২৩ বছৰীয়া যুৱতীক গুলীয়াই হত্যা 2 ডিফু- লামডিং পথত লোমহৰ্ষক হত্যাকাণ্ড!](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/5ebb9a25-8890-4784-a86a-259ec79a1f0c-1.jpg?resize=1080%2C580&ssl=1)
ডেৰমাহ পূৰ্বে তেওঁলোকে ডকমকাৰ পৰা আহুি এই নতুন ঘৰটোত থাকিবলৈ লৈছিল ৷ নিশা ১ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দি ১ বাজি ১৫ মিনিটত তেওঁ এই সম্পৰ্কত অৱগত হয় বুলি কয় ৷ এই ঘটনাত দুজন যুৱক জড়িত বুলি প্ৰকাশ কৰি তেওঁ কয়যে, কিছুদিন পূৰ্বে দুজন যুৱকে ঘৰটোলৈ আহি পথৰ সম্ভেদ লৈছিল ৷ আনহাতে কালি দুপৰীয়া যুৱক দুজন পুণৰ আহি পানী খাই গৈছিল বুলি পিতৃয়ে প্ৰকাশ কৰি ইয়াৰে এজন যুৱক সৰু ল’ৰা বুলি প্ৰকাশ কৰে
আনহাতে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) জয়ন্ত কুমাৰ বৰুৱাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, ঘটনা সম্পৰ্কে নিশাই অৱগত হয় আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ ঘটনা সম্পৰ্কে তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে ৷