অচিনাক্ত দুৰ্বৃত্তৰ দাৰ ঘাপত মৃত্যু এজন যুৱকৰ। বোকাজান আৰক্ষী (Bokajan Police) থানাৰ অন্তৰ্গত টিংলিজান (Tinglijan)ত সংঘটিত এই হত্যাকাণ্ড (murder)।যোৱা নিশা দুৰ্বৃত্তই হত্যা কৰি ঘৰৰ কাষৰ পথাৰত পেলাই থয় মৃতদেহটো। নিহত যুৱকজন বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ”টিংলিজানৰ” ৰিমচন মাৰাক (Rimson Marak) বুলি জানিব পৰা গৈছে।
হত্যাকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে চাঞ্চল্য ।ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ মৃতদেহ নিজৰ জিম্মাত লোৱাৰ লগতে হত্যকাৰীক বিচাৰিব বাবে তদন্ত আৰম্ভ কৰিছে।