
প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগৰ পিছত দেশ এৰিলেও এতিয়াও শান্ত হোৱা নাই দেশখনৰ হিংসাত্মক পৰিস্থিতি। এতিয়াও উত্তপ্ত হৈ আছে ৰাজধানী ঢাকা (Capital Dhaka)। মঙলবাৰেও প্ৰতিবাদী জনতাই বিভিন্ন স্থানত আক্ৰমণ কৰি ধ্বংসলীলাৰ সৃষ্টি কৰে। তাৰ মাজতে শ্বেখ হাছিনাৰ দল আৱামী লীগৰ এগৰাকী নেতাৰ (Awami League leader) হোটেলত অগ্নিসংযোগ (Hotel set on fire) কৰে প্ৰতিবাদকাৰীয়ে।
এই ঘটনাত ৮ জন লোকৰ মৃত্যু (8 people died) হয়।বাংলাদেশৰ জেছ’ৰত সংঘটিত হয় এই ঘটনা। দুষ্কৃতিকাৰীয়ে হোটেলখনত অগ্নিসংযোগ কৰাৰ ফলত আন ৮৪ জন লোক আহত (84 people injured) হোৱা বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে।

আনহাতে, একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুযায়ী, এই ঘটনাত দুজন ভাৰতীয় নাগৰিকো আহত (Two Indian nationals also injured) হয়। আহত লোক দুজন অসমৰ বাসিন্দা বুলি প্ৰকাশ কৰা হৈছে। তেওঁলোকক চৈয়দ আলী (Syed Ali) আৰু ৰবিউল আলী (Rabiul Ali) বুলি চিনাক্ত কৰা হৈছে।
তেওঁলোক ব্যৱসায়িক কাৰণত বাংলাদেশত আছিল বুলি সূত্ৰত প্ৰকাশ। উল্লেখ্য যে মঙলবাৰে পুৱা দুষ্কৃতিকাৰীয়ে ১১ মহলীয়া হোটেলখনত অগ্নিসংযোগ কৰে। ফলত সমগ্ৰ হোটেলখন জুয়ে গ্ৰাস কৰে আৰু নিজৰ প্ৰাণ বচাবলৈ দুয়োৱে হোটেলৰ ওপৰৰ পৰা জঁপিয়ায় বুলি সূত্ৰত প্ৰকাশ। দুয়োকে সংকটজনক অৱস্থাত ভাৰতলৈ অনা বুলিও জানিব পৰা গৈছে।












