বৃহস্পতিবাৰে পুৱা ১১ বজাত ডিফুৰ সমীপৰ তাৰলাংচ’ৰ বাকৰিত ‘এক পেড় মা কে নাম’ (Ek Ped Maa Ke Naam) থীম হিছাপে নামলৈ ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ (From 1st August to 15 August)কে চলিবলগীয়া অমৃত বৃক্ষ আন্দোলন 2.0 (Amrit Brikshya Andolan ২.০) শুভ উদ্ধোধন (Happy Opening) কৰে কাৰবি আংলঙ (Karbi Anglong Autonomus Council) স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghange)৷

অসম চৰকাৰৰ পৰিৱেশ আৰু বনবিভাগৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসন আৰু কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ যৌথ সহযোগত শুভাৰম্ভ হোৱা অমৃত বৃক্ষ আন্দোলনটিৰ আজি এটি বৃক্ষপুলি ৰোপন কৰি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ, বিধায়ক বিদ্যাচিং ইংলেং, জিলা আয়ুক্ত নিৰলা ফাংচপী, পৰিষদৰ কেইবাগৰাকী ইএম, এম এ চি আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকল ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে কয়যে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে কাৰবি আংলঙত ২০ লাখ বৃক্ষ পুলি ৰোপন কৰাৰ লক্ষ্য কৰি লোৱা হৈছে ৷ বৃক্ষ পুলিৰ সমুদায় মূল্য কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বহন কৰিব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি জিলা দুখনৰ শৈক্ষিক প্ৰতিষ্ঠান, অনান্য প্ৰতিষ্ঠান, ব্যক্তিগত চৌহদত বৃক্ষপুলি ৰোপন কৰি অমৃত বৃক্ষ আন্দোলন 2.0 ৰ অংশীদাৰ হবলৈ সকলো শ্ৰেণীৰ ৰাইজক অনুৰোধ জনায় তুলিৰাম ৰংহাঙে৷