
ৰবি শৰ্মা (Ravi Sarma)ৰ পৰৱৰ্তী ছবি ‘ৰুদ্ৰ’ৰ দৃশ্যগ্ৰহণ (Shooting for ‘Rudra’)ৰ সময়ত অঘটন। ছবিখনৰ এটা একচন দৃশ্যৰ চিত্ৰগ্ৰহণৰ সময়ত সংঘটিত এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত (Injured in accident) হয় ছবিখনৰ নায়ক ৰবি শৰ্মা। সম্প্ৰতি তেওঁ দিছপুৰৰ জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি (Admitted to GNRC Hospital) কৰোৱা হৈছে।

জানিব পৰা মতে, জটিয়াত চলি আছিল ছবিখনৰ দৃশ্যগ্ৰহণ। দৈনিক অগ্ৰদূতৰ কাৰ্যালয়ৰ সমীপৰ অস্থায়ী শ্বুটিং ছেটত দৃশ্যগ্ৰহণ চলি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। এটা একুৱাৰিয়াম বিস্ফোৰণৰ দৃশ্যগ্ৰহণত অংশগ্ৰহণ কৰিছিল ৰবি শৰ্মাই। কিন্তু বিস্ফোৰিত একুমাৰিয়ামটোৰ কাঁচৰ টুকুৰাই আহি বেয়াকৈ আঘাত কৰে ৰবি শৰ্মাক। লগে লগে দৃশ্যগ্ৰহণ বন্ধ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় অভিনেতাগৰাকীক। বৰ্তমান তেওঁ জি এন আৰ চিত চিকিৎসাধীন হৈ আছে।













