
ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনত (Tripura panchayat Election) শাসকীয় দল বিজেপিয়ে ভোট নিদিয়াকৈ ৭১ শতাংশ আসন লাভ কৰিলে। অহা ৮ আগষ্টত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ১২ তাৰিখে ভোট গণনা।মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ পিছত ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, গাঁও পঞ্চায়ত সমষ্টিৰ ২৯ শতাংশইহে ভোটাৰক নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ অনুমতি দিব।

কাৰণ পঞ্চায়তৰ তিনিটা স্তৰত মুঠ ৬৮৮৯খন আসনৰ ভিতৰত ৪৮০৫খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে।
ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অসিত দাসে কয় যে বিজেপিয়ে ১৮০৯, চিপিএম ১২২২ আৰু কংগ্ৰেছে ৭৩১ খন গাঁও পঞ্চায়তৰ আসনত নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ১৩৮খন বিজেপিৰ মিত্ৰ তিপ্ৰা মাথা।
পঞ্চায়ত সমিতিৰ ৫৫ শতাংশ আসন আৰু জিলা পৰিষদৰ ১৬ শতাংশ আসন ভোট নিদিয়াকৈ বিজেপিয়ে লাভ কৰে। পঞ্চায়ত সমিতিৰ ৪২৩খন আসনৰ ভিতৰত ইতিমধ্যে তেওঁলোকৰ হাতত আছে ২৩৫খন আসন। বাকী আসনসমূহৰ ভিতৰত বিজেপিয়ে ১৮৮খন, চিপিএমৰ ১৪৮খন আৰু কংগ্ৰেছে ৯৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।












