
গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণ সেঁতুত নিশা দুখন বাহনৰ মাজত হোৱা ভয়ংকৰ দুৰ্ঘটনাই (Accident) ভীষণ যান-জঁটৰ সৃষ্টি কৰে। এখন বিলাসী মাহিন্দ্ৰা এক্সইউভিত আন এখন বাহনে খুন্দা মৰাৰ ফলত মাহিন্দ্ৰা বাহনখনৰ চকা ওলাই যায় আৰু ফলত ৰাজপথত আবদ্ধ হৈ পৰে গাড়ীখনৰ যাত্ৰী।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহি গাড়ীখনৰ লগতে যাত্ৰীক উদ্ধাৰ কৰে। AS02AN8595 পঞ্জীয়ন নম্বৰৰ বাহনখন নগাঁৱৰ পৰশমণি দাস নামৰ এজন ব্যক্তিৰ নামত পঞ্জীয়ন হৈ আছে।












