
কৃত্ৰিম বান আৰু গুৱাহাটী (Guwahati Flood) – এটা মুদ্ৰাৰে যেন ইপিঠি আৰু সিপিঠি। বছৰ বছৰ ধৰি গুৱাহাটীবাসীয়ে কৃত্ৰিম বানত ককবকাই আহিছে যদিও ইয়াৰ পৰা পোৱা নাই পৰিত্ৰাণৰ উপায়, চৰকাৰৰো নাই কোনো নিৰ্দিষ্ট পৰিকল্পনা।

যাৰ বাবে বহু সময়ত বহুজনে নিজৰ মূল্যৱান জীৱন হেৰুৱাবলগা হৈছে মহানগৰীৰ কৃত্ৰিম বানত। শেহতীয়াকৈ বৃহস্পতিবাৰে নিশা হোৱা মূষলধাৰ বৰষুণত জ্যোতিনগৰত কৃত্ৰিম বানৰ সোঁতত উন্মুক্ত নলাত পৰি উটি যায় এটি ১০ বছৰীয়া শিশু। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়াও সন্ধান লাভ কৰিব পৰা হোৱা নাই অবিনাশ সাহা নামৰ শিশুটিৰ।
ইয়াৰ মাজতে গুৱাহাটীৰ শেহতীয়া কৃত্ৰিম বানক লৈ উদ্বিগ্ন হৈ পৰিছে খোদ মুখ্যমন্ত্ৰী। যাৰ বাবে আজি দিছপুৰত মুখ্যমন্ত্রীয়ে আহ্বান কৰিছে জৰুৰী বৈঠকৰ। এই কথা খোদ মুখ্যমন্ত্রীয়ে নিজেই ব্যক্ত কৰিছে। শুকুৰবাৰে নিশা ফেচবুক লাইভত মুখ্যমন্ত্রীয়ে এই কথা জনায়। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত বান পৰিস্থিতিৰ বুজ লৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিগত তিনিদিন ধৰি তেওঁ এই সন্দৰ্ভত ফেচবুক লাইভযোগে নিজৰ মনৰ ভাবো ব্যক্ত কৰি আহিছে। একেদৰে শুকুৰবাৰে তেওঁ দিছপুৰৰ লোকসেৱা ভৱনৰ কাৰ্যালয়ৰ পৰা ফেচবুক লাইভযোগে শনিবাৰৰ বৈঠকৰ কথা ব্যক্ত কৰে।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা গৈ ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰৰ দিনটো জিলাখনৰ বান প্ৰভাৱিত অঞ্চলবোৰ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়।












