
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱে (Northeast Frontier Railway)য়ে শুকুৰবাৰ আৰু শনিবাৰে কেইবাখনো ৰে’লৰ সেৱা বাতিল তথা যাত্ৰাৰ সময়ৰ সালসলনি কৰিছে। ৰে’লৱেৰ এক জাননী অনুসৰি, শিলচৰৰ পৰা উজনি-নামনিমুৱা কেইবাখনো যাত্ৰীবাহী আৰু এক্সপ্ৰেছ ৰে’লৰ সেৱা বাতিল (Passenger and express train services cancelled) কৰা হৈছে।

শুকুৰবাৰ আৰু শনিবাৰ নিৰ্ধাৰিত যাত্ৰাৰ উজনিমুৱা শিলচৰ-ময়িছাহান যাত্ৰীবাহী ৰে’ল, শিলচৰ-ধৰ্মনগৰ যাত্ৰীবাহী ৰে’ল, শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, শিলচৰ-ৰঙিয়া যাত্ৰীবাহী ৰে’ল, শিলচৰ-আগৰতলা যাত্ৰীবাহী ৰে’লৰ সেৱা বাতিল কৰা হৈছে।













