আজিৰে পৰা অসম বিধানসভাৰ পুৰণি ভৱন (Old Building of Assam Legislative Assembly)ত দুদিনীয়া কাৰ্যসূচী (Two-day programme)ৰে আৰম্ভ হৈছে অসমৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ সন্মিলন (Conference of Autonomous Councils of Assam)। ৰাজ্যৰ ১০ খন স্বায়ত্তশাসিত পৰিষদক লৈ প্ৰথমবাৰৰ আয়োজন কৰা হৈছে এই সন্মিলন। এই ১০ খন স্বায়ত্তশাসিত পৰিষদ হৈছে মিচিং, ৰাভা হাচং, তিৱা, দেউৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মৰাণ, মটক, কমতাপুৰ আৰু বড়ো কছাৰী কল্যাণ পৰিষদ। সন্মিলত এই আটাকেইখন পৰিষদৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে।
সন্মিলনত প্ৰথমদিনা উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্রী পীযুষ হাজৰীকা, ডাঃ ৰণোজ পেগু, উৰ্খাও গৌৰা ব্ৰহ্ম আৰু নন্দিতা গাৰ্লোচা। আনহাতে, স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলৰ লগতে আন বিষয়ববীয়াসকলো উপস্থিত থাকে।
আনহাতে, সন্মিলনত বক্তব্য ৰাখি মন্ত্রী পীযুষ হাজৰীকাই স্বায়ত্তশাসিত পৰিষদসমূহ গণতান্ত্ৰিক ব্যৱস্থাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰে। তেওঁ লগতে কোনো এটা জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশৰ উন্নয়ন স্বায়ত্তশাসিত পৰিষদসমূহৰ ভূমিকা সন্দৰ্ভতো ব্যাখ্যা কৰে।