বৃহস্পতিবাৰে একেৰাহে তৃতীয়টো কাৰ্যকাল (Third term) বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ (Sworn in as Chief Minister of Arunachal Pradesh) কৰে পেমা খাণ্ডুৱে (Pema Khandu)। আনহাতে, চৌনা মেইনে উপ-মুখ্যমন্ত্ৰী (Chowna Mein Deputy Chief Minister) হিচাপে শপত গ্ৰহণ কৰে। বিদায়ী মন্ত্ৰীসভাতো তেওঁ উপ-মুখ্যমন্ত্ৰী আছিল। পেমা আৰু মেইনৰ উপৰি বৃহস্পতিবাৰে আৰু ১০ গৰাকী বিজেপি বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি দলটোৰ সৰ্বভাৰতীয় নেতাসকল উপস্থিত থাকে।
![Pema Khandu takes oath : তৃতীয়বাৰৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ 3 AP 1 3 | ASSAM TIMES POST](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/AP-1-3.jpg?resize=1110%2C624&ssl=1)
উল্লেখ্য, এইবাৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৬০ জনীয়া অৰুণাচল বিধানসভাতো ভোটগ্ৰহণ কৰা হয়। নিৰ্বাচনৰ পূৰ্বে পেমাকে ধৰি বিধানসভাৰ ১০ গৰাকী বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল। আনহাতে, নিৰ্বাচন অনুষ্ঠিত হোৱা ৫০টা সমষ্টিৰ ভিতৰত মুখ্যমন্ত্ৰী পেমাৰ নেতৃত্বত শাসকীয় বিজেপিয়ে ৩৬টা সমষ্টিত জয়ী হৈ ৪৬ খন আসন লাভ কৰে। বিপৰীতে পাঁচটা সমষ্টিত মেঘালয়ৰ শাসকীয় দল এন পি পিয়ে জয়লাভ কৰে। ইয়াৰ উপৰি অজিত পাৱাৰৰ এনচিপিয়ে তিনিখন আসন, পিপ’লছ পাৰ্টি অব অৰুণাচলে (পিপিএ) ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩খন আসন লাভ কৰে।
উল্লেখ্য যে ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি অৰুণাচলত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল যদিও পিছত মুখ্যমন্ত্ৰী পেমাই অধিকাংশ বিধায়কৰ সৈতে বিজেপিত যোগদান কৰে। ২০১৯ চনৰ নিৰ্বাচনত গেৰুৱা শিবিৰে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।