
বোকাজানত (Bokajan) অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ তত্বাৱধানত চলিছিল এক সফল অভিযান। অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজান টহলদাৰী পহৰা চকীত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কৰা এক অভিযানত ৭৪ টা প্লাষ্টিকৰ চাবোনৰ পেকেটত ২ কোটি টকা বজাৰ মূল্যৰ ৮৪৫.৫৭৭ গ্ৰাম হিৰ’ইন সহ দুই সৰবৰাহকাৰীক আটক কৰে।

উল্লেখ্য যে, মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী MN-01-AX-1752 নম্বৰৰ Tata Nexon বাহনৰ পিছৰ আসনৰ তলত আৰু ডিকিত গোপন চেম্বাৰ সাজি ড্ৰগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে।










