টৰণ্টোলৈ যোৱা এয়াৰ কানাডাৰ (Air India) বিমানত বোমাতঙ্ক। মঙলবাৰে নিশা দিল্লীৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই ভাবুকিপূৰ্ণ ইমেইল লাভ কৰা হয়। তাত লিখা আছিল যে টৰণ্টোলৈ যোৱা বিমানখনত বোমা আছে। ইয়াৰ পিছতে বিমানবন্দৰত হুৱাদুৱা লাগি পৰে।
![Bomb threat in flight I টৰণ্টো অভিমুখী কানাডাৰ বিমানত বোমাতঙ্ক 3 Bomb threat in flight I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240605_153025-scaled.jpg?resize=2560%2C1707&ssl=1)
বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে, নিশা প্ৰায় ১০.৫০ বজাত এই মেইলটো আহে। ইয়াৰ পিছত বিমানখনত অনুসন্ধান আৰম্ভ হয়। কিন্তু সন্দেহজনক একো পোৱা নগ’ল। পিছত কৰ্তৃপক্ষই কয় যে এক ভুৱা ভাবুকি মেইলৰ বাবেই এই ঘটনা সংঘটিত হৈছে। আনহাতে, ঘটনাটোৰ ফলত যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে।