
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰাৰ মাজতে আন এক বেয়া খবৰ গুৱাহাটীবাসীৰ বাবে। এইবাৰ গুৱাহাটীত বৃদ্ধি পালে গাখীৰৰ মূল্য।বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গুৱাহাটীত গাখীৰৰ মূল্য (Milk price) বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটী গো-পালক সন্থাই প্ৰতিলিটাৰ গাখীৰত ৯ টকাকৈ দাম বৃদ্ধিৰ দাবী জনাইছে। উল্লেখযোগ্য যে পশুখাদ্যৰ মূল্যবৃদ্ধিৰ বাবে গাখীৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্থাটোৰ মালিগাঁও শাখাৰ সাধাৰণ সম্পাদক নাৰায়ণ ভাণ্ডাৰীয়ে জনাইছে।
উল্লেখ্য, গুৱাহাটী মহানগৰীত বৰ্তমান গাখীৰৰ পাইকাৰী মূল্য হৈছে ৫৬ টকা। আনহাতে, খুচুৰা মূল্য অঞ্চল আৰু পৰিস্থিতিভেদে ৬০ৰ পৰা ৭০ টকা। ইফালে বিগত কেইমাহমান ধৰি গাখীৰ ব্যৱসায়ীসকলৰ লগত আলোচনামৰ্মে গাখীৰৰ পাইকাৰী মূল্য ৬৫ টকা পৰ্যন্ত বৃদ্ধিৰ বাবে কেইবালানি আলোচনাত মিলিত হৈছিল দুগ্ধ ব্যৱসায়ী আৰু গোপালকসকল।
কিন্তু দুগ্ধ ব্যৱসায়ীসকলে এই দাবী মানি নোলোৱাৰ বাবে গো-পালকসকলে শনিবাৰৰ পৰা নিজাববীয়াকৈ ৬৫ টকা প্ৰতিলিটাকৈ বজাৰত গাখীৰ বিক্ৰীৰ ব্যৱস্থা কৰে। এতিয়া পৰৱৰ্তী সময়ত ব্যৱসায়ীসকলে কি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব গাখীৰৰ প্ৰকৃত মূল্য।













