পুনৰ বিমানৰ ভিতৰত বোমাতঙ্ক। মঙলবাৰে পুৱা প্ৰায় ৫ বজাত দিল্লী বিমানবন্দৰৰ পৰা বাৰাণসী অভিমুখে ইণ্ডিগ’ৰ (Indigo Flight) এখন বিমান উৰণৰ পূৰ্বেই এই ভাবুকি আহে। ইয়াৰ পিছতে বিমানখনৰ আটাইকেইজন যাত্ৰীক দ্ৰুততাৰে নমাই তালাচী অভিযান আৰম্ভ কৰা হয়। কিন্তু এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে বিমানখনৰ ভিতৰত কোনো সন্দেহজনক বস্তু পোৱা হোৱা নাই।
![Indigo Flight । বাৰাণসী অভিমুখী ইণ্ডিগ' বিমানত বোমাতঙ্ক 3 Indigo Flight ।](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2020/05/indigo-4.jpg?resize=660%2C440&ssl=1)
দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, সকলো যাত্ৰীক জৰুৰীকালীন দুৱাৰেদি বিমানখনৰ পৰা উলিয়াই অনা হয়। বৰ্তমান সকলো সুৰক্ষিত। অৱশ্যে বিমানখনত কিমানজন যাত্ৰী আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, পুৱা ৫.৩৫ বজাত তেওঁলোকে বাৰাণসী অভিমুখী বিমানত বোমা থকাৰ তথ্য লাভ কৰে। লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ এটা কুইক ৰেছপন্স টীম বিমানবন্দৰত উপস্থিত হয়।
উল্লেখ্য যে সোমবাৰে মুম্বাই আৰক্ষীয়ে ফোন লাভ কৰে যে মুম্বাইৰ তাজ হোটেল আৰু ছত্ৰপতি শিৱাজী বিমানবন্দৰত বোমা স্থাপন কৰা হৈছে। অৱশ্যে তালাচী অভিযানত একো পোৱা নগ’ল।
কিছুদিন পূৰ্বে দিল্লী বিমানবন্দৰত ৰখাই থোৱা এখন বিমানৰ লেভেটৰীত ‘বোমা’ লিখা এখন বগা কাগজ উদ্ধাৰ হৈছিল। ইয়াৰ পূৰ্বে আৰক্ষীয়ে ইমেইল লাভ কৰিছিল যে দিল্লীৰ কেইবাখনো বিদ্যালয়ত বোমা স্থাপন কৰা হৈছে। তদন্তত কিন্তু সেইবোৰ মিছা বুলি প্ৰমাণিত হয়।