শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তাৰ পূৰ্বে মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা প্ৰশাসনে (Indore district administration in Madhya Pradesh) ভোটগ্ৰহণৰ সময়ত ভোটাৰক বিশেষ ‘পুৰস্কাৰ’ (Special ‘reward’ to voters) দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটাৰে পুৱা ভোট দিবলৈ গ’লে আইচক্ৰীম দিয়া হ’ব। তাকো বিনামূলীয়াকৈ। আনহাতে, খাদ্যৰ তালিকাত পোহা, জিলাপিৰ লগতে চাওমিন, মানচুৰিয়ান আদিও আছে। কিন্তু বিনামূলীয়া খাদ্য লাভৰ বাবে বিশেষ চৰ্ত আছে।
মধ্যপ্ৰদেশৰ ইন্দোৰত ১৩ মে’ত ভোটদান। ২৫.১৩ লাখ ভোটাৰৰ নাম আছে এইবাৰ। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ইন্দোৰ লোকসভা সমষ্টিৰ পৰা ৬৯ শতাংশ লোকে ভোটদান কৰিছিল। এইবাৰ ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে বিশেষ ‘বঁটা’।
জিলা দণ্ডাধীশ আশীষ সিঙে জনোৱা মতে, পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ৬০ বছৰৰ ওপৰৰ প্ৰাৰ্থীৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰা প্ৰাৰ্থীক বিনামূলীয়াকৈ পোহা আৰু জিলাপি দিয়া হ’ব। এই ‘পুৰস্কাৰ’ ইন্দোৰৰ যিকোনো বিখ্যাত খাদ্যৰ দোকানত উপলব্ধ। ভোটদানৰ পিছত চিয়াঁহীৰ চিন দেখুৱালে ভোটাৰক বিনামূলীয়াকৈ খাদ্য দিয়া হ’ব। পোহা আৰু জিলাপিৰ লগতে আইচক্ৰীমো পৰিবেশন কৰা হ’ব।
ইয়াৰ বাহিৰেও পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত ভোটদান কৰা যিকোনো ভোটাৰক বিনামূলীয়াকৈ চাওমিন আৰু মানচুৰিয়ান দিয়া হ’ব।