তিনি পাৰ্বত্য জিলা, ক্রমে, কার্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাওক সাঙুৰি একমাত্ৰ ৬নং ডিফু জনজাতি লোকসভা সমষ্টিৰ (Diphu Tribal Lok Sabha constituency) শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অমৰচিং তিচ’ৰ (BJP candidate Amarsingh Tisso) হৈ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ২৬ টা পৰিষদীয় সমষ্টিত তাৰকা প্ৰচাৰক (Star campaigner in constituency) হিছাপে পৰিষদৰ মুখ্য কার্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ (Tuliram Ronghang) লগতে সাংসদ হৰেণণছিং বে, বিধায়ক দ্বয় বিদ্যাছিং ইংলেং দৰছিং ৰংহাঙ , ‘পুৱ কাৰবি আংলং বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙ বিজেপিৰ পূৱ কাৰ্বি আংলং জিলাৰ প্রভাৰী বিজয় গুপ্তা, সহ প্রভাৰী পংকজ শর্মা আৰু পৰিষদৰ কেইবাগৰাকী ইএম – এমএচিয়ে মাৰাথান নির্বাচনী প্রচাৰ অভিযান অব্যাহত ৰাখিছে।
বৃহস্পতিবাৰে পৰিষদীয় সমষ্টিৰ লুম্বাজং আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তর্গত ডিফু-লামডিং পথৰ ৮ কিলো আৰু লংনিট, হাইস্কুলখেল পথাৰ প্ৰাঙ্গনত দুটাকৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায় ৷ দুয়োখন সভাত কেইবা সহস্ৰাধিক সমর্থকৰ উপস্থিতিত কংগ্রেছ- এপিএইছএলচি দলৰ প্রায় ৮ শতাধিক কর্মীয়ে বিজেপি দলত আনুষ্ঠানিক ভাবে যোগদান কৰি গেৰুৱা বসন পৰিধান কৰে।
সাংবাদিকৰ সৈতে হোৱা বার্তালাপত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, , এইবাৰ লোকসভা নির্বাচনত বিজেপি দলে ৰাইজৰ আশানুৰুপ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। সমাগত লোকসভা- নির্বাচনৰ পূর্বে বিজেপি দলৰ নীতি আদর্শৰ প্রতি আকৃষ্ট হৈ ২৬টা পৰিষদীয় সমষ্টিৰ পৰা কংগ্রেছ আৰু এ পি এইছ এল চি দলৰ পৰা প্রায় ১ লাখতকৈ অধিক লোকে বিজেপিত যোগদান কৰিছে।
এইবাৰ ৬ নং ডিফু লোকসভা সমষ্টিত বিজেপিৰ প্রার্থী অমৰছিং তিচ’ৱে চাৰি লাখ ভোটৰ অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়যুক্ত হ’ব। কংগ্ৰেছ দল দ্বিতীয়স্থানত থাকিব পাৰে বুলি ৰংহাঙে মন্তব্য কৰে৷