গেংষ্টাৰ-ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ (Mukhtar Ansari) মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ওমৰে দাবী কৰে যে তেওঁৰ পিতৃক লাহে লাহে বিষ দি হত্যা কৰা হৈছে খাদ্যত বিষ দিয়া হৈছিল বুলি দাবী তেওঁৰ। আনহাতে, সেই খাদ্য খায়ে পিতৃৰ মৃত্যু হোৱা বুলিও দাবী কৰে ওমৰে। কেৱল সেয়াই নহয়, ওমৰে কয় যে মুখতাৰৰ মৃত্যুৰ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন। বিষয়টোক লৈ তেওঁ আদালতলৈ যাব।
ওমৰে লগতে দাবী কৰে যে তেওঁৰ পিতৃৰ মৃত্যুৰ বিষয়ে প্ৰশাসনে তেওঁলোকক অৱগত কৰা নাছিল। তেওঁ কয়, “প্ৰশাসনে আমাক একো কোৱা নাই। সংবাদ মাধ্যমৰ পৰা এই বিষয়ে জানিব পাৰিলোঁ।” ইয়াৰ পিছত তেওঁ কয়, ”দুদিনমান পূৰ্বে তেওঁক (মুখতাৰ আনছাৰী) লগ কৰিবলৈ জে’ললৈ গৈছিলো। কিন্তু লগ হ’বলৈ দিয়া নহ’ল। বিষক্ৰিয়াৰ অভিযোগ সন্দৰ্ভত আমি আগতে যি কৈছো, আমি আকৌ একেই কথা ক’ম।”
ওমৰে অভিযোগ কৰে যে ১৯ মাৰ্চত মুখতাৰক নিশাৰ আহাৰত বিষাক্ত দ্ৰব্য খুৱাইছিল। এই সন্দৰ্ভত ন্যায়পালিকাৰ কাষ চাপিব বুলিও তেওঁ কয়। তেওঁ কয়, “ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে।” উল্লেখযোগ্য যে বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় মুখতাৰৰ। জে’লৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰমজানৰ ৰোজা ভংগ কৰাৰ পিছতে মুখতাৰৰ স্বাস্থ্যৰ অৱনতি ঘটে।
বান্দা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সুনীল কৌশলে কয় যে পেটৰ বিষত প্ৰায় ১৪ ঘণ্টা ধৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তাতেই হৃদৰোগত মুখতাৰৰ মৃত্যু হয়। যদিও মুখতাৰৰ ভাতৃ গাজীপুৰৰ সাংসদ আফজল আনছাৰীয়ে অভিযোগ কৰিছে, কাৰাগাৰৰ ভিতৰতে তেওঁৰ ভাতৃক বিষাক্ত দ্ৰব্যৰে হত্যা কৰা হয়। একে অভিযোগ পুত্ৰ ওমৰৰ মুখতো শুনা গ’ল। শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মুখতাৰৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হ’ব। ওমৰে কয় যে তাৰ পিছত তেওঁৰ শেষ ৰীতি-নীতি কৰা হ’ব।
আনহাতে, মুখতাৰৰ মৃত্যুক লৈ বিৰোধীয়ে উত্তৰ প্ৰদেশত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে। সৰ্বভাৰতীয় মজলিছ-এ-ইত্তেহাদুল মুছলিমীনৰ (এম আই এম) মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে কয় যে মুখতাৰে বাৰে বাৰে প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আগতেই তেওঁ অভিযোগ কৰিছিল যে তেওঁক বিষ খুৱাইছে। তেওঁৰ চিকিৎসাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল চৰকাৰে। তেওঁ মুখতাৰৰ মৃত্যুৰ সম্যক তদন্তৰ দাবী জনায়। কংগ্ৰেছ নেতা সুৰেন্দ্ৰ ৰাজপুতেও একে দাবী কৰে।
উল্লেখ্য, উত্তৰ প্ৰদেশৰ মৌ সদৰ বিধানসভাৰ পাঁচবাৰৰ প্ৰাক্তন বিধায়ক ষাঠি বছৰীয়া মুখতাৰ। ২০০৫ চনৰ পৰা উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ কাৰাগাৰত বন্দী হৈ আছিল তেওঁ। তেওঁৰ বিৰুদ্ধে ৬০টাতকৈও অধিক অপৰাধমূলক গোচৰ চলি আছিল।
উত্তৰ প্ৰদেশৰ বিভিন্ন আদালতত ৮টা গোচৰত শাস্তি লাভ কৰি ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা বাণ্ডা কাৰাগাৰত বন্দী হৈ আছিল। যোৱা বছৰ উত্তৰ প্ৰদেশ আৰক্ষীয়ে মুকলি কৰি দিয়া ৬৬টা গেংষ্টাৰৰ তালিকাত মুখতাৰৰ নামো আছিল। শেহতীয়াকৈ মুখতাৰক ৩৬ বছৰীয়া এটা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। সেই গোচৰত আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।