কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নৰ কন্যা বীনাৰ (Beena) বিৰুদ্ধে গোচৰ ৰুজু। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে ৰুজু কৰিছে এই গোচৰ। তেওঁৰ বিৰুদ্ধে বিপুল পৰিমাণৰ ধন আত্মসাতৰ অভিযোগ।
অভিযোগ অনুসৰি, বীনাৰ প্ৰতিষ্ঠানটোৱে দুটা আই টি প্ৰতিষ্ঠানক চফটৱেৰ ডেভেলপমেণ্টকে ধৰি একাধিক সেৱা প্ৰদানৰ চুক্তিবদ্ধ হৈছিল। ইয়াৰ উপৰি তেওঁ কোটিতকৈও অধিক টকা কিস্তিত লৈছে বুলিও অভিযোগ উত্থাপন হৈছে। কিন্তু সংস্থাটোক কোনো সেৱা আগবঢ়োৱা হোৱা নাই।
ইয়াৰ পিছত বীনাৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ গোচৰ ৰুজু হয়। লক্ষণীয় যে ২০২৩ চনত প্ৰথমবাৰৰ বাবে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ উত্থাপন হৈছিল। ২০২৪ চনৰ আৰম্ভণিতে কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় সংস্থাটোক সমগ্ৰ ঘটনাটো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।