নিৰ্বাচনত যুঁজিবলৈ প্ৰয়োজনীয় টকা নোহোৱাৰ কাৰণেই বিজেপিৰ প্ৰস্তাৱৰ পিছতো তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই। টাইমছ নাও ছামিট ২০২৪’ত অংশগ্ৰহণ কৰি এনেদৰে কয় নিৰ্মলা সীতাৰমনে (Nirmala Sitharaman)। নিৰ্মলাই কয় যে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই তেওঁক অন্ধ্ৰপ্ৰদেশ বা তামিলনাডুৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছিল।
কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ হাতত পৰ্যাপ্ত ধন নাই বুলি যুক্তি দি তেওঁ এই প্ৰস্তাৱ নাকচ কৰে। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ পোৱাৰ পিছত কি কৰিলে সেই সন্দৰ্ভত উল্লেখ কৰি নিৰ্মলাই কয়, “এসপ্তাহৰ পৰা দহ দিন সময় লৈছিলো। ইয়াৰ পিছত মই কেৱল ক’লোঁ, নাই, মোৰ হাতত যুঁজিবলৈ টকা নাই (নিৰ্বাচনত)।”
ধনৰ বাহিৰেও নিৰ্মলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কেইবাটাও ‘সমস্যা’ৰ কথা কৈছিল। তেওঁ কয়, “অন্ধ্ৰপ্ৰদেশ বা তামিলনাডু, আমি য’তেই নিৰ্বাচনত থিয় দিওঁ, তাতেই জয়ী হ’বলৈ একাধিক মাপকাঠী আছে। প্ৰশ্ন হয় আপুনি সেই গোট বা ধৰ্মৰ ব্যক্তি হয়নে? মই ক’ম না, মই নাভাবো যে মই কৰিব পাৰিম (ভোটৰ বাবে থিয় হৈ)।”
এই প্ৰস্তাৱ নাকচ কৰাৰ পিছতো নিজৰ সিদ্ধান্তক সন্মান জনোৱাৰ বাবে নিৰ্মলাই নিজৰ দলটোক ধন্যবাদ জনায়। তেওঁ কয়, “মই কৃতজ্ঞ যে তেওঁলোকে মোৰ যুক্তি মানি লৈছে। গতিকে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই।” ইয়াৰ পিছত নিৰ্মলাক সোধা হৈছিল, বিত্তমন্ত্ৰী হোৱাৰ পিছতো নিৰ্বাচনত যুঁজিবলৈ তেওঁৰ হাতত কিয় নাই ‘যথেষ্ট ধন’? উত্তৰত তেওঁ কয় যে দেশৰ ধন তেওঁৰ ব্যক্তিগত নহয়। নিৰ্মলাই কয়, “মোৰ দৰমহা আৰু সঞ্চয় কম। সেইটো দেশৰ টকা নহয়।”
অৱশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাব বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ উপৰি বিজেপিৰ কেইবাজনো প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে নিৰ্মলা হৈছে ৰাজ্যসভাৰ সাংসদ। এইবাৰ বিজেপিয়ে ৰাজ্যসভাৰ কেইবাজনো সাংসদক লোকসভাৰ টিকট দিছে। তাৰ ভিতৰত পীয়ুষ গোৱেল, ভূপেন্দ্ৰ যাদৱ, মনসুখ মাণ্ডবিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া আদি আছে।