দেশত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচন (Lok sabha election)ৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল (Filing of nomination papers in Dibrugarh) কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে (Candidate Sarbananda Sonowal)। ইয়াৰ পূৰ্বে বিজেপি আৰু অগপৰ ৰাজ্যিক নেতৃবৃন্দৰ উপস্থিতিত ডিব্ৰুগড়ৰ ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰত এক সভা অনুষ্ঠিত কৰা হয়৷
ইয়াৰ পিছত বিশাল শোভাযাত্ৰাৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যায় সৰ্বানন্দ সোণোৱাল। আনহাতে, সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল যাত্ৰাৰ অংশীদাৰ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াৰ হাতত মুখ্যমন্ত্ৰী আৰু বিজেপি ৰাজ্যিক সভাপতিক কাষত লৈ মনোনয়ন দাখিল কৰে সৰ্বানন্দ সোণোৱালে।
তেওঁৰ মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপৰি অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী বিমল বড়া, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সকলো বিধায়ক উপস্থিত থাকে। ইফালে মনোনয়ন দাখিল কৰি উঠি সৰ্বানন্দ সোণোৱালে বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে। ইয়াৰ বাবে সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰে৷
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি লখিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱায়ো মনোনয়ন পত্ৰ দাখিল কৰে।