অৱশেষত বহু বিতৰ্ক আৰু জল্পনা-কল্পনাৰ অৱসান ঘটাই দলৰ পৰা পদত্যাগ ঘোষণা কৰে দুলু আহমেদে (Dulu Ahmed announces his resignation)। অসম জাতীয় পৰিষদৰ উপ-সভাপতি (Vice-President of Assam Jatiya Parishad) দুলু আহমেদে বুধবাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে। নিজৰ পদত্যাগ পত্ৰ তেওঁ দলৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ প্ৰেৰণ কৰে। পদত্যাগ পত্রযোগে তেওঁ দলৰ উপ-সভাপতিৰ লগতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰত বিতুষ্ট হৈ আহিছে দুলু আহমেদ। বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব প্ৰদান নকৰাক লৈ ক্ষোভ উজাৰি ইতিমধ্যে দল সন্দৰ্ভত বিভিন্ন বক্তব্য আগবঢ়াইছে দুলু আহমেদে। লগতে তেওঁ কংগ্ৰেছৰ ওচৰত আঞ্চলিকতাবাদ বিক্ৰীৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে দলৰ পৰা পদত্যাগ কৰিলেও দুলু আহমেদে বৰপেটাৰ পৰাই দলীয় প্ৰতীকতে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে দুলু আহমেদে।