
বিৰোধী আঞ্চলিক দল APHLC-ৰ ১০৫৩ জন নেতা-কৰ্মীয়ে (APHLC’s 1053 leaders and activists) আজি ডিফু (In Diphu)ত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয়ত (In BJP office) কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (Tuliram Ronghang), ডিফু লোকসভাৰ বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৰ লগতে জিলা বিজেপিৰ নেতৃত্বৰ উপস্থিতিত শাসক দলটোত আনুষ্ঠানিকভাৱে যোগদান (Join BJP) কৰে।

ডিফু লোকসভা সমষ্টিত (Diphu Lok Sabha constituency) একপ্ৰকাৰ বিৰোধী শূন্য বুলি মন্তব্য কৰি CEM তুলিৰাম ৰংহাঙে কয় ‘১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হৰেণছিং বে’ই উত্তৰ-পূৱৰ ভিতৰতে সৰ্বাধিক ভোটত জয়লাভ কৰিছিল। এইবাৰৰ প্ৰাৰ্থী অমৰছিং তিছ’ই (BJP Candidate Amarsing Tisso) দেশৰ ভিতৰতে সৰ্বাধিক ভোটত জয়ী হ’ব (Win the most votes)।

উন্নয়নক মূল ইচ্ছ্যু হিচাপে লৈ শাসক দলে সমষ্টিটোত বিজয় সাব্যস্ত কৰিব বুলি CEM ৰংহাঙে দাবী কৰে।
প্ৰাৰ্থী অমৰছিং তিছ’ই ৪ লাখ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে।












