বোকাজান মহকুমাৰ খটখটী থানা এলেকাৰ লাহৰিজান ছানডে মাৰ্কেটত আৰক্ষী আৰু চি আৰপিএফৰ যুটীয়া অভিযানত বৃহৎ পৰিমানৰ সন্দেহজনক হেৰইন উদ্ধাৰ (Drugs Seized) হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছ বিক্ৰি কৰি থকাৰ তথ্য লাভ কৰে খটখটী আৰক্ষীয়ে ৷
তথ্য লাভ কৰি শুকুৰবাৰে সন্ধিয়া ৭ বাজি ৫০ মিনিটত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ তত্বাৱধনাত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত থানা ষ্টাফ আৰু 20 বিএন চিআৰপিএফৰ লোককলৈ লাহৰিজান ছানডে মাৰ্কেটত অভিযান চলোৱা হয় ৷
অভিযান কালত সুভাস সিঙ আৰু ৰুবী দেৱী নামৰ ব্যক্তিৰ পৰা চাৰিটা চাবোনৰ বাকচত লুকুৱাই ৰখা ৫৩’৬৯ গ্ৰাম সন্দেহজনক হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা হেৰইনখিনি আৰক্ষীয়ে মহকুমা আৰক্ষী বিষয়া আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰা হয় ৷ এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷