
আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) আগতীয়া জামিন আবেদন মঞ্জুৰ কৰিছে ৰাউজ এভিনিউ আদালতে। শনিবাৰে পুৱা আদালতত হাজিৰ হয় কেজৰিৱাল।

উল্লেখযোগ্য যে শুকুৰবাৰে ইডিয়ে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰৰ সৈতে জড়িত তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ সদস্য কে কবিতাক গ্ৰেপ্তাৰ কৰে। হায়দৰাবাদত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক দিল্লীলৈ অনা হয়। আনহাতে, কেজৰিৱালৰ বিৰুদ্ধে ৰাউজ এভিনিউ আদালতত এজাহাৰ দাখিল কৰে বলবৎকাৰী সঞ্চালকালয়ে।
তদন্তকাৰী সংস্থাটোৱে অভিযোগ উত্থাপন কৰিছে যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালে জেৰাৰ বাবে ৮বাৰ চমন এৰাই চলিছিল। কেজৰিৱাল চৰকাৰী অনুষ্ঠানলৈ গৈছে, দলৰ নিৰ্বাচনী প্ৰচাৰত আছে। কেৱল ইডি অফিচত উপস্থিত থাকিব নোৱাৰে! ইডিৰ বক্তব্যৰ শুনানিৰ পিছদিনা বৃহস্পতিবাৰে আদালতে কয় যে শনিবাৰে (১৬ মাৰ্চ) কেজৰিৱাল হাজিৰ হ’ব লাগিব।
সেই অনুসৰি শনিবাৰে তেওঁ আদালতত হাজিৰ হয়। উল্লেখযোগ্য যে এয়াই প্ৰথমবাৰৰ বাবে নহয়, ইডিয়ে ইয়াৰ পূৰ্বেও একে অভিযোগৰ ওপৰত আদালতৰ কাষ চাপিছিল। দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে পঞ্চমবাৰৰ বাবে চমন ফাঁকি দি এৰাই চলাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তদন্তত সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰি ৩ ফেব্ৰুৱাৰীত এই আবেদন দাখিল কৰিছিল।
যোৱা ৭ ফেব্ৰুৱাৰীত এই গোচৰৰ শুনানিত ন্যায়াধীশ দিব্য মালহোত্ৰাই আদালতত হাজিৰ হৈ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। ১৭ ফেব্ৰুৱাৰীত আদালতত ভাৰ্চুৱেল শুনানিত হাজিৰ হয় কেজৰিৱাল। সেইদিনা দিল্লী বিধানসভাত নিজৰ চৰকাৰৰ ওপৰত আস্থা ভোটৰ বাবে তেওঁ ব্যক্তিগতভাৱে উপস্থিত হ’ব পৰা নাছিল বুলিও কয়৷ ন্যায়াধীশে তেওঁৰ আবেদন মানি লয়।
আবকাৰী গোচৰত ইডিয়ে কেজৰিৱালক ৮বাৰ চমন কৰিছে। কিন্তু প্ৰতিবাৰেই তেওঁ উপস্থিতি এৰাই চলিছিল। অৱশ্যে যোৱা সোমবাৰে কেজৰিৱালে কয় যে তেওঁ ইডিৰ প্ৰশ্নৰ উত্তৰ ১২ মাৰ্চৰ পিছত দিব বিচাৰে। কেজৰিৱালৰ দল আপে অৱগত কৰিছে যে ১২ মাৰ্চৰ পিছত কেজৰিৱালে হাজিৰ হ’ব বিচাৰিছে আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ইডিৰ জেৰাৰ সন্মুখীন হ’ব বিচাৰিছে। অৱশ্যে ইডিৰ তথ্য অনুসৰি, ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জেৰা কৰা নহয়। গতিকে কেজৰিৱালে ব্যক্তিগতভাৱে উপস্থিত থাকিব লাগিব। এই উত্তেজনাময় পৰিৱেশতেই আদালতে কেজৰিৱালক ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ কয়। সেই কথা মানি চলি তেওঁ ইডিৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰক্ষাকবচ লাভ কৰিলে।










