ডিফু (Diphu) চহৰৰ গান্ধী পার্কৰ পৰা অসম বিশ্ববিদ্যালয় ডিফু চৌহদলৈ (Gandhi Park to Diphu Assam University) চালিলেনযুক্ত পথৰ আজি আধাৰশিলা স্থাপন (Laying of foundation stone of a four laned road) কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang)।
আজি পুৱা ৰংহাঙে সাংসদ হৰেণছিং বে’, পৰিষদৰ বহু কেইগৰাকী কার্যবাহী সদস্যৰ উপস্থিতিত ডিফুৰ গান্ধী পার্কত এই আধাৰশিলা স্থাপন কৰে। ডিফুৰ গান্ধীৰ পাৰ্কৰ পৰা লামডিং ৰোডস্থিত অসম বিশ্ববিদ্যালয় চৌহদ পর্যন্ত এই পথ নির্মাণ কৰা হ’ব বুলি মুখ্য কার্যবাহী সদস্যগৰাকীয়ে জানিবলৈ দিয়ে। বিদ্রোহী সংগঠনৰ সৈতে হোৱা চুক্তি অনুসৰি এমঅ’এছৰ অধীনত কেন্দ্রীয় চৰকাৰে কার্বি আংলং অট’নমাছ টেৰিট’ৰিৰ নামত এই উন্নয়নৰ ধন মোকলাই দিয়া বুলিও ৰংহাঙে উল্লেখ কৰে।
মুঠ ৮.৩০ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথছোৱা নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে ১০৭ কোটি টকা মোকলাই দিয়া বুলি ৰংহাঙে জানিবলৈ দি কয় যে, এই পথছোৱাত ডিভাইডাৰৰ লগতে ৰেলিং পদপথ আৰু টাইলছ লগোৱা হ’ব বুলিও ৰংহাঙে সংবাদমাধ্যমৰ আগত উল্লেখ কৰে।
অতি আটকধুনীয়াকৈ নির্মাণ হ’বলগীয়া এই পথছোৱাত এলইডি স্ট্রীট লাইট সংযোগ কৰা হ’ব বুলি ৰংহাঙে ব্যক্ত কৰে। আনহাতে, পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেণ নগৰৰ উন্নয়নৰ বাবে ইতিমধ্যে অসমমালাৰ অধীনত মুখ্যমন্ত্রীয়ে পথ নির্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা বুলি ৰংহাঙে প্রকাশ কৰে।