আগন্তুক লোকসভা নির্বাচন (Lok Sabha elections)ৰ বাবে কংগ্রেছ দলে প্রার্থীৰূপে প্রক্ষেপ কৰা জয়ৰাম ইংলেঙে (Congress candidate Jairam Inglang) আজি দলীয় প্রার্থিত্ব লৈ গুৱাহাটীৰ পৰা গৃহ সমষ্টি ডিফুলৈ (Diphu Constituency) আহে। কংগ্ৰেছ প্রার্থীগৰাকীক সংগ দিয়ে এপিচিচিৰ সাধাৰণ সম্পাদক নির্মল লাংথাছাই। কাৰ্বি আংলং জিলাৰ প্রৱেশ দ্বাৰ পাৰখোৱাৰ পৰা কংগ্রেছ প্রার্থীগৰাকীক জিলাখনৰ কংগ্রেছ সমর্থনসকলে আদৰণি জনোৱা পৰিলক্ষিত হয়। গুৱাহাটীৰ পৰা অহা ইংলেঙক ক্রমে, পাৰখোৱা, বকলীয়াঘাট, ফুলনিত দলীয় সমর্থকসকলে উন্ম আদৰণি জনায়।
উল্লেখ্য যে কংগ্রেছ প্রার্থীগৰাকীক ফুলনিত চিপিআই (এমএল) হিলচ পার্টী দলেও আদৰণি জনায়। ইয়াৰ পাছতেই কংগ্ৰেছ প্রার্থীগৰাকী ডিফুলৈ আহি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় আৰু এখন দলীয় সভাত অংশগ্রহণ কৰে। ডিফুৰ দলীয় সভাতো ইংলেঙক বিপুলভাবে আদৰণি জনাই দলৰ সমর্থকসকলে।
আনহাতে, সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত কংগ্রেছ প্রার্থীগৰাকীয়ে কয় যে, মোদীৰ অচ্ছে দিন দেশবাসীয়ে নেদেখিলে। এতিয়া দেশবাসীয়ে পূর্বৰ দিন উভতাই বিচাৰি এইবাৰ কংগ্রেছৰ পক্ষে ভোটদান কৰিব। সমাগত লোকসভা নির্বাচনত ডিফু সমষ্টিত বিজেপি দল দ্বিতীয় স্থানত থাকিব বুলি কংগ্রেছৰ প্রার্থীগৰাকীয়ে দাবী কৰে। ইংলেঙে লগতে কয় যে কংগ্রেছৰ তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দিয়া প্রতিশ্রুতি অনুসৰি সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ৰূপায়ন কৰাটো হ’ব কংগ্রেছৰ মূল লক্ষ্য। জাতি-ধর্মলৈ ৰাজনীতি কৰি লাভ নাই বুলি উল্লেখ কৰি ইংলেঙে সংবিধান অনুসৰিহে আমাৰ দেশ পৰিচালিত হ’ব বুলি মন্তব্য কৰে।
ইংলেঙে আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচি (APHLC) সন্দর্ভত মন্তব্য কৰি কয় যে, এপিএইচএলচি দলৰ কংগ্রেছৰ সৈতে কোনো মিত্রতা নাছিল। দলটোৰ মিত্রতা অসম জাতীয় পৰিষদৰ সৈতেহে আছিল বুলিও মন্তব্য কৰে।