১৮ হাজাৰ কোটিতকৈও অধিক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপনৰ বাবে শুকুৰবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। তেজপুৰ বায়ুসেনাৰ বিমানঘাটিত আজি বিয়লি উপস্থিত হোৱাৰ লগে লগে মোদীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে আজি নিশাটো কাজিৰঙাত কটোৱাৰ পিছত শনিবাৰে কাজিৰঙা দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে। তাৰ পিছত যোৰহাটত লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচনকে ধৰি প্ৰায় ১৮ হাজাৰ কোটিৰ বিভিন্ন প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে।
ইয়াৰ ভিতৰত আছে ডিমৌ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ হেমাট’ লিম্ফ’ইড কেন্দ্ৰ, ডিগবৈ শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প আদি। প্ৰধানমন্ত্ৰীয়ে যোৰহাটত এখন জনসভাও সম্বোধন কৰিব।