![]()
সমাগত লোকসভা নিৰ্বাচনক (Lok Sabha elections) লৈ তৎপৰ হৈ পৰিছে শাসক বিৰোধী উভয় শিবিৰ। আনহাতে, শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ আৰু বিৰোধী মিত্ৰজোটৰ অংশীদাৰ দলসমূহৰ মাজত আসন বুজাবুজিক লৈও চলি আছে আলোচনা। কিছু ক্ষেত্ৰত ইয়াৰ সমাধান সূত্ৰ ওলাইছে যদিও আন কিছু ক্ষেত্ৰত ইয়াৰ সমাধানৰ বাবে প্ৰচেষ্টা চলি আছে।
তাৰ মাজতে অসমত এন ডি এৰ অন্যতম অংশীদাৰ অগপ আৰু বি পি পি এলৰ সৈতে বিজেপিৰ আসন ভাগ-বতৰাক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত (AGP-BJP seat sharing meeting) হয়। এই বৈঠকৰ পিছত আজি বশিষ্ঠৰ বাজপেয়ী ভৱনত (Vashishta’s Vajpayee Bhavan) মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰাসহ অগপ নেতৃত্ব। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনায় যে কোকৰাঝাৰ আসনখন বিজেপিয়ে ইউ পি পি এলক এৰি দিব।
আনহাতে, বৰপেটা আৰু ধুবুৰী আসন দুখন এৰি দিয়া হৈছে অগপক। উল্লেখযোগ্য যে অগপই ইয়াৰ পূৰ্বে কৰিমগঞ্জ, বৰপেটা আৰু ধুবুৰী আসনকেইখন দলটোৰ বাবে দাবী কৰিছিল। কিন্তু অন্তিম মুহূৰ্তত ৰাজ্যৰ অন্যতম আঞ্চলিক দলটো দুখন আসনতে সন্তুষ্ট থাকিবলগা হয়।
ইয়াৰ বিপৰীতে অসমৰ মুঠ ১৪ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰিব।
আনহাতে, অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা ইউ পি পি এলৰ প্ৰাৰ্থীসকলৰ জয় নিশ্চিত কৰিবৰ বাবে বিজেপিয়ে দিনে-নিশাই কাম কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে।













