
জয়প্ৰদাক ‘নিৰুদ্দেশ’ ঘোষণা আদালতৰ (Court declares Jayaprada ‘missing’)। বাৰে বাৰে নিৰ্দেশ দিয়াৰ পিছতো আদালতত হাজিৰ হোৱাৰ পৰা ‘এৰাই চলা’ অভিনেত্ৰী তথা ৰাজনীতিবিদগৰাকীৰ ক্ষেত্ৰত এই ঘোষণা কৰা হৈছে। এমপিএমএলএৰ বিশেষ আদালতৰ তথ্য অনুসৰি, এটা গোচৰত নির্দেশ দিয়াৰ পাছতো তেওঁ একেৰাহে দুবাৰকৈ আদালতত হাজিৰ হোৱা নাই৷ বিশেষ আদালতে ৬ মাৰ্চৰ ভিতৰত তেওঁৰ হাজিৰ হোৱাটো নিশ্চিত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।
এমপিএমএলএৰ বিশেষ আদালতৰ তথ্য অনুসৰি, ২০১৯ চনত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত জয়প্ৰদাই নিয়ম উলংঘা (Jaiprada violates rules) কৰিছিল। জামিনবিহীন ধাৰাত গোচৰ ৰুজু হ’লেও তেওঁ আদালতত হাজিৰ হোৱা নাই। শোভিত বংশালৰ নিৰ্দেশত এমপিএমএলএ বিশেষ আদালতৰ হৈ আৰক্ষীক বিশেষ দল গঠন কৰিবলৈ কোৱা হয়। এই বিশেষ দলটোক ৬ মাৰ্চৰ ভিতৰত জয়প্ৰদাক আদালতত হাজিৰ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে জয়াপ্ৰদাই প্ৰথমে ৰাজনীতিত প্ৰৱেশ কৰিছিল নব্বৈৰ দশকত। এন টি ৰামা ৰাওৰ আমন্ত্ৰণত ১৯৯৪ চনত তেলেগু দেশম পাৰ্টিত যোগদান কৰে। অৱশ্যে পিছত তেওঁ দল এৰি উত্তৰ প্ৰদেশ সমাজবাদী পাৰ্টিত যোগদান কৰে। ২০০৪ চনত সমাজবাদী পাৰ্টিয়ে ৰামপুৰ সমষ্টিৰ পৰা জয়াপ্ৰদাক মনোনীত কৰে। জয়প্ৰদা ৰামপুৰ সমষ্টিৰ প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হয়।
২০০৪ আৰু ২০০৯ চনত তেওঁ দুবাৰকৈ ৰামপুৰৰ পৰা জয়লাভ কৰে। কিন্তু তাৰ পিছৰ বছৰ ২০১০ চনত তেওঁক দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ তুলি বহিষ্কাৰ কৰে। ২০১৪ চনত অজিত সিঙৰ ৰাষ্ট্ৰীয় লোকদলৰ টিকটত জয়প্ৰদাই বিজনুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাস্ত হয়। ইয়াৰ পিছত বিজেপিত যোগদান কৰি পুনৰ লোকসভা নিৰ্বাচনত ৰামপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী হয়।











