পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ খেৰণিত ভিজিআৰ আৰু পিজিআৰ ভূমিত (VGR and PGR land) বসবাসক কেন্দ্র কৰি উত্তাল হৈ পৰা দুয়োখন পার্বত্য জিলালৈ শান্তি ঘূৰি অহাৰ লগে লগে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সর্বদলীয় সভাত দিয়া প্রতিশ্রুতি অনুসৰি বিবাদিত ভূমিত বসবাস কৰাসকলক উচ্ছেদ কৰাৰ বাবে জাননী জাৰি (Eviction notice issued) কৰিছে। ইয়াৰোপৰি এই ভূমিত বসবাসৰ অনুমতি দিয়াৰ বাবে ১০ গৰাকী চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত (10 Goan Bura Dismissed) কৰে।
বিগত বহু বছৰৰ পৰা বিহাৰী সম্প্রদায়ৰ লোকে এই ভূমি বেদখল কৰি বসতি গঢ়ি তুলিছিল।আঞ্চলিক বাজনৈতিক দল এএছডিচি আৰু ভাতৃ সংগঠনে ইয়াৰ প্রতিবাদ কৰি গণতান্ত্রিক আন্দোলন চলাওতে ১৫ ফেব্রুৱাৰীত খেৰণি চাৰু আলিত এক ভয়ংকৰ সংঘাত হয় আৰু সংঘাতৰ ফলত বহু কেইগৰাকী ছাত্র নেতা গুৰুতৰ ৰূপে আহত হয়। ইয়াৰ পাছতেই দুয়োখন পার্বত্য জিলা উত্তাল হৈ পৰে।
২০ ফেব্রুৱাৰীত পৰিষদে জিলাখনৰ সকলো ৰাজনৈতিক দল, সামাজিক সংগঠনৰ সৈতে আলোচনা কৰি এই ভূমিত ৩০ দিনৰ ভিতৰত উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ অংশ ৰূপে পৰিষদৰ প্রধান সচিবে পশ্চিম কাৰবি আংলঙৰ ডংকা ৰাজহ খণ্ড আৰু ফুলনি ৰাজহ খণ্ডৰ বিষয়াই দাখিল কৰা প্রতিবেদনৰ ভিত্তিত দুয়োটা ৰাজহ খণ্ডৰ ১০ গৰাকী চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্থ কৰে।
ইয়াৰোপৰি আজি পিজিআৰ-ভিজিআৰ ভূমিত বসবাস কৰাসকলক শীঘ্ৰে নিজ নিজ স্থান এৰিবলৈ পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰা হয়। পৰিষদৰ এই কঠোৰ পদক্ষেপৰ পাছতেই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ বৃহত্তৰ অঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। লাভ কৰা তথ্য অনুসৰি বিবাদিত ভূমিত স্থাপন হোৱা দোকান-পোহাৰ আজিও বন্ধ হৈ থকাৰ লগতে সমগ্র অঞ্চলজুৰি এতিয়া নিমাওমাও হৈ পৰা পৰিলক্ষিত হৈছে।