পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ পিজিআৰ-ভিজিআৰ ভূমিত (PGR-VGR land) পশ্চিম কাৰ্বি আংলঙৰ বিহাৰী সম্প্রদায়ে বসবাসৰ বাবে অনুমতিৰ (Permission to live in Bihari community) লগতে ৰাষ্ট্ৰপতিৰ ওচৰত সংৰক্ষিত ভূমিত পট্টা প্ৰদানৰ দাবী (Demand for grant of pattas on reserved land) কৰাৰ পিছতেই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত বিগত কিছুদিনৰ পৰা মৃদু উত্তেজনাই বিৰাজ কৰি আছিল।
এএছডিচিৰ যুব সংগঠন (Youth Organization of ASDC) আৰু কাৰ্বি ছাত্র সন্থাৰ (Karbi Students’ Union) এটা গোটে ইয়াৰ প্রতিবাদত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু ডংকামোকামত কালি শান্তিপূর্ণ প্রতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰী ছাত্র সংগঠনকেইটাৰ ওপৰত খেৰণিত কালি নিশা দুস্কৃতিকাৰীয়ে আক্রমণ চলোৱাত ছাত্র সংগঠনকেইটাৰ কেইবাগৰাকী সদস্য গুৰুতৰভাবে আহত হয়।
কালি নিশাৰে পৰা প্রতিবাদকাৰী ছাত্র সংগঠনৰ সদস্যসকলে উক্ত স্থান অৱৰোধ কৰি ৰখাৰ লগতে ইয়াৰ প্রতিবাদ সাব্যস্ত কৰি আছিল। আজি পুবা এই ঘটনা প্ৰচাৰ হোৱাৰ লগে লগে দুয়োখন পার্বত্য জিলাত তীব্ৰ উত্তেজনা বিয়পি পৰে। খেৰণিকে ধৰি কার্বি আংলং জিলা সদৰ ডিফুত পুৱাৰে পৰ দোকান-পাহাৰ বন্ধ কৰি দিয়ে বিভিন্ন দল-সংগঠনৰ প্রতিবাদকাৰীয়ে (Protests by various parties and organizations)। আজি ডিফুত সংগঠনটোৰ প্ৰতিবাদকাৰী ছাত্র সংগঠনৰ সদস্যৰ ওপৰত আক্ৰমণ চলোৱা বুলি প্ৰচাৰ হোৱাৰ লগে লগে উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়। পশ্চিম কাৰ্বি আংলং আৰক্ষী আৰু জিলা প্রশাসনে তৎপৰতাৰে ২৫গৰাকী লোকক ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত গ্রেপ্তাৰ কৰে।
এই সংক্রান্তত এএছডিচি দলে এখন সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো বন্ধৰ আহ্বান কৰা নাই। লগতে কেএছএ ইংলংফ’ আৰু কাৰবি আংলং ভোজপুৰী সমাজেও সংবাদমেল আয়োজন কৰি দোষীক শাস্তি বিহাৰ দাবী জনায় ৷ বাতৰি যুগুতোৱাৰ পৰলৈকে কাৰ্বি আংলং জিলা সদৰ ডিফু চহৰকে ধৰি দুয়োখন পার্বত্য জিলাত বিভিন্ন প্রান্তত অঘোষিত বন্ধ হৈ থকা বাতৰি লাভ কৰা গৈছে। পৰিস্থিতি কিছু নিয়ন্ত্রণাধীন হৈ আছে যদিও দুয়োখন পার্বত্য জিলাত চেঁপা উত্তেজনা বিৰাজ কৰি আছে।